Daily Time Axom

দক্ষিণ শালমাৰা মানকাচৰ জিলাত অবাধে চলিছে তীৰ খেলৰ ৰমৰমীয়া বেহা

0 68

চকুমুদা কুলিৰ ভাওত আৰক্ষী প্ৰশাসন৷

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ, খাৰুৱাবান্দা, হাটশিঙীমাৰী, সুখচৰ, বেপাৰীপাৰা, খোপাতীয়া বজাৰ, হাজিৰহাট আদিকৰি বিভিন্ন অঞ্চলত চলিছে অবৈধ তীৰ খেলৰ ৰমৰমীয়া বেহা৷ আনকি জিলা সদৰ হাটশিঙীমাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত থকা ছুপাৰ মাৰ্কেটত অব্যাহত আছে এই অবৈধ তীৰ খেল৷ কাকো কেৰেপ নকৰি একাংশ জুৱাৰীয়ে চলাই গৈছে তীৰ খেলৰ ৰমৰমীয়া বেহা৷ মনকৰিবলগীয়া য়ে, এই অবৈধ তীৰ খেলৰ বাবে বহু লোক সৰ্বস্বান্ত হোৱা পৰিলক্ষিত হৈছে৷ বিশেষকৈ স্কুলীয়া ছাত্ৰ বিলাকে দিনকদিনে এই তীৰ খেলৰ প্ৰতি আকৃষ্ট হোৱা দেখিবলৈ পোৱা গৈছে৷ সেয়ে যোৱা কিছুদিন আগত জিলা আছুৱে এই অবৈধ তীৰ খেল বন্ধ কৰিবলৈ জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক মৌখিক অভিযোগৰ উপৰিও লিখিত অভিযোগ দাখিল কৰিছিল বুলি আছুৰ জিলা সাধাৰণ সম্পাদকে জানিবলৈ দিয়ে৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় আজিলৈকে আৰক্ষীয়ে উক্ত তীৰ খেল বন্ধ কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে জিলা ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে৷ কাৰ ছত্ৰছায়াত এই অবৈধ তীৰ খেল জিলাখনত বিনাদ্বিধাই চলি আছে সেয়া ৰহস্যৰ আৱৰ্ত্তত৷ সেয়ে জিলা আছুৱে এই অবৈধ তীৰ খেল অনতিপলমে বন্ধ কৰি সমাজ ব্যৱস্থা সুস্থ ভাৱে চলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ জিলা আয়ুক্তৰ লগতে আৰক্ষী অধীক্ষক দাবী জনায়৷ শেহতীয়াকৈ জিলা আয়ুক্তৰ লগতে আৰক্ষী প্ৰশাসনে জিলাখনৰ বিভিন্ন অঞ্চলত চলি থকা অবৈধ তীৰ খেল বন্ধ কৰাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষ্যনীয়।

মানকাচৰৰ পৰা মণিৰুল ইছলামৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.