১১ বছৰীয়া কিশোৰী হঠাৎ কোটিপতি হ’ল কেনেকৈ

কোটি কোটি টকা এতিয়া এগৰাকী এঘাৰ বছৰীয়া কন্যাৰ হাতত। নাই, তেওঁ লটাৰী জিকা নাই। বৰঞ্চ এটা গোচৰৰ শুনানি গ্ৰহণ কৰাতহে লাখপতি হৈ পৰিল। তেওঁ লাভ কৰিব ২.৫ কোটি টকাৰ আৰ্থিক ক্ষতিপূৰণ। ইমান টকা পালেও তেওঁ দুখী। কাৰণ আপোনজনক হেৰুৱাইহে তেওঁ লাখপতি হৈছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে কেলিফৰ্ণিয়াত।

২০২২ চনত আৰক্ষীয়ে ছোৱালীজনীৰ পোহনীয়া ছাগলীটোক হত্যা কৰিছিল। ইয়াৰ পিছতে ছোৱালীজনীৰ মাকে গোচৰ ৰুজু কৰে। সেই গোচৰত আদালতে ল’ৰাটোক আৰ্থিক ক্ষতিপূৰণ হিচাপে ২.৫ কোটি টকা দিবলৈ নিৰ্দেশ দিছিল।

ছোৱালীজনীৰ মাকে জানিব দি কয় যে ছোৱালীজনীয়ে ছাগলীটোক ‘চিডাৰ’ বুলি মাতিছিল।

নিলামত বিক্ৰী হোৱাৰ কথা আছিল ‘চিডাৰ’। সেইবাবেই ‘চিডাৰ’ৰ যত্ন লোৱা হৈছিল। কিন্তু কিছুদিনৰ ভিতৰতে মায়াৰ জন্ম হয়। তেতিয়াই তেওঁলোকে ‘চিডাৰ’ক নিলামলৈ নপঠোৱাৰ সিদ্ধান্ত লয়। আৰক্ষী আৰু বিষয়াসকলকো বাৰে বাৰে অনুৰোধ জনোৱা হয় যাতে ‘চিডাৰ’ক নিলামলৈ প্ৰেৰণ নকৰে। কিন্তু সেই অনুৰোধৰ কোনো সঁহাৰি নাপালে।

পাছত ‘চিডাৰ’ এখন গাঁৱত আঁতৰত লুকাই থৈছিল যদিও তাৰ পৰাই আৰক্ষীয়ে বিচাৰি নি নিলামত বিক্ৰী কৰাৰ পৰিবৰ্তে মাৰি পেলায়। ফলত কিশোৰীগৰাকী মানসিকভাৱে ভাঙি পৰিছিল। দুবছৰ পূৰ্বে ছোৱালীজনীৰ মাতৃয়ে এটা ‘চিডাৰ’ৰ হত্যা সন্দৰ্ভত গোচৰ ৰুজু কৰে। কিশোৰীগৰাকীয়ে এতিয়া ২.৫ কোটি টকাৰ ক্ষতিপূৰণ পাব বুলি জানিব পৰা গৈছে।

AssamAssamese NewsDaily time axomInternational
Comments (0)
Add Comment