Daily Time Axom

পদ্মশ্ৰী যাদব পায়েং আন্তৰ্জাতিক বঁটা সন্দৰ্ভত

0 94


প্ৰকৃতিৰ সৈতে সংপৃক্ত হৈ জলবায়ু কাৰ্য্যত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰিচালনা আৰু আদৰ্শ নেতৃত্বৰ বাবে এটা বঁটা বিভিন্ন প্ৰান্তত কাম কৰা একোজন ব্যক্তি অথবা অনুষ্ঠানক আগবঢ়োৱা হব পদ্মশ্ৰী যাদব পায়েং আন্তৰাষ্ট্ৰীয় বঁটা । মূলা কাটনি খ্যাত অৰণ্য স্থাপনৰে যোৰহাট জিলাৰ পৰা পৰিৱেশ আন্দোলনৰ আৰম্ভ কৰি বিশ্বত এক আলোড়নৰ সৃষ্টি কৰা অৰণ্য মানৱ যাদব পায়েংৰ প্ৰতি তেখেতক জীৱিত কালতে সন্মান জনোৱাৰ উদ্দেশ্যে তেখেতৰ গৃহ জিলা যোৰহাট জিলাৰ টীয়কৰ কলিয়াপানীস্থিত জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসে এই বঁটা ২০২৫ বৰ্ষৰ পৰা বছৰি প্ৰবৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ সচিব প্ৰতাপ শইকীয়া, অৰণ্য মানৱ যাদব পায়েং, আন্তৰাষ্ট্ৰীয় পৰিৱেশ কৰ্মী ৰিতুৰাজ ফুকন, শিৱসাগৰ জিলাৰ নামতিৰ পিয়লি ফুকন মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিষয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডঃ ভাৰত বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ ভুগোল আৰু কৃষি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অৱনী ভাগৱতীকলৈ গঠিত পাঁচজনীয়া এখন বাচনি সমিতিয়ে নিৰ্বাচিত কৰিব বঁটা প্ৰাপকৰ নাম । প্ৰতি বছৰৰ জুলাই মাহত বঁটাৰ বাবে আবেদন গ্ৰহণ কৰা হব । বঁটা সন্দৰ্ভত সবিশেষ উপলব্ধ হব www.jyotiprotapgyanmargbidyalay.com ৱেবছাইটত ।
উল্লেখযোগ্য যে দৰিদ্ৰতাৰ বাবে উচ্চ শিক্ষা আহৰণৰ পৰা বঞ্চিত হোৱা সমাজদৰদী প্ৰতাপ শইকীয়াৰ পৰিকল্পনাত ২০২১ চনত গঠন হোৱা জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসৰ তত্বাবধানত একেটা বছৰতে স্থাপন কৰা হয় জ্যোতি-প্ৰতাপ জ্ঞানমাৰ্গ বিদ্যালয় । সম্পূৰ্ণ বিনামূলীয়া এই বিদ্যালয়ত অঞ্চলটোৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক নাম ভৰ্তিৰ সুবিধা প্ৰদান কৰা হয় । দ্বাদশ শ্ৰেণী পৰ্যন্ত পাঠদান হব লগা এই বিদ্যালয়ত এই পৰ্যন্ত ষষ্ঠ শ্ৰেণীলৈকে মুঠ ১৮২ গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰা হৈছে । তদুপৰি শিক্ষা ন্যাসৰn অধীনত শিশু অৱস্থাৰ পৰাই যাতে এগৰাকী শিশু গুৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হয় তাৰ বাবে বিদ্যালয়ৰ চৌহদত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ উপৰি কলিয়াপানীৰ শনিবৰীয়া বজাৰৰ কাষত সাৰ্বজনীন নামঘৰ প্ৰতিষ্ঠা কৰি ৰাইজক উৎসৰ্গা কৰা, শ্মশান, বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম আদি গঢ়ি তোলা হৈছে । অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলক জীৱন্ত অৱস্থাত সন্মান জনোৱাৰ উদ্দেশ্যে অভিনন্দন গ্ৰন্থ প্ৰণয়ন কৰাৰ বাবে জ্যোতি-প্ৰতাপ শিক্ষা ন্যাসে বিশেষ উদ্যোগ লৈছে । ইতিমধ্যে চিত্ৰশিল্পী,শিশু গ্ৰন্থকে ধৰি বহু কেইখন গ্ৰন্থৰ প্ৰণেতা অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ ভাৰত বৰাৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে ।

Leave A Reply

Your email address will not be published.