ত্ৰিপুৰাত বি এছ এফৰ দ্বাৰা ৯ বাংলাদেশী নাগৰিক আটক

আগৰতলা পিএনচি, ৮ নৱেম্বৰ বি এছ এফ আৰু ৰেলৱে আৰক্ষী জি আৰ পিৰ যৌথভাৱে চলোৱা এক অভিযানত বৃহস্পতিবাৰে বৈধ নথি-পত্ৰ নথকা ছয়জন বাংলাদেশী নাগৰিকক আগৰতলাত আটক কৰা হয়। আটকাধীন বাংলাদেশী নাগৰিকৰ ভিতৰত এগৰাকী মহিলা আৰু দুজন হিজড়া আছিল।
আন এক অভিযানত ২ ​​জন নাবালককে ধৰি তিনিজন বাংলাদেশী নাগৰিকক কৈলাশাহাৰ জিলা উনাকোটিৰ অন্তৰ্গত বি অ’ পি সমৰুপাৰাৰ বি এছ এফৰ সৈন্যই বাংলাদেশৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ চেষ্টা কৰি থকা অৱস্থাত আটক কৰে। তিনিওজন বাংলাদেশী নাগৰিকক্ষ একেখন পৰিয়ালৰ সদস্য আৰু বাংলাদেশৰ মৌলভিবজাৰৰ বাসিন্দা। বিএছএফ, ত্ৰিপুৰা খণ্ডৰ মুখ্য কাৰ্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰাৰম্ভিক তদন্ত চলি আছে।

Comments (0)
Add Comment