ৰাইজৰ দলৰ ৰাজনৈতিক ৰণডংকা আৰম্ভ।
ৰাইজৰ দলৰ ধিং সমিতিৰ উদ্যোগত ধিঙৰ ডুমডুমীয়াত গণ সমাবেশত অংশ ললে অখিল গগৈৰ লগতে যুৱ নেতা মেহেবুব মুক্তাৰ ।
ৰাইজৰ দলৰ দুগৰাকী নেতা অখিল গগৈ আৰু মেহেবুব মুক্তাৰে বিজেপি আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ সমালোচনা কৰে লগতে চাচা মামাক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ বাবে ৰাইজক আহ্বান জনায় ।
আগন্তক ২০২৬ ৰ নিৰ্বাচনত ৰাইজৰ দল ক্ষমতালৈ আহিলে এখন নতুন অসম ৰাইজক উপহাৰ দিব বুলি অখিল গগৈয়ে ভাষন প্ৰসংগত উল্লেখ কৰে।