মুকালমুৱাস্থিত বিদ্যাজ্যোতি একাডেমীত চতুৰ্থ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভা

নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বিদ্যাজ্যোতি একাডেমীত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় চতুৰ্থ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভা ।
প্ৰথম কাৰ্যসূচী অনুসৰি, ৰাতিপুৱা ৮ বজাত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য আমজাদ আলীৰ দ্বাৰাই পতাকা উত্তোলন । ৯ বজাত শ্বহীদ তৰ্পণ ,তৰ্পক হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ জেষ্ঠ শিকক মছলেম উদ্দিন আহমদ ।
১১ বজাত মুকলি সভা অনুষ্ঠিত কৰা হয় ।ঘোগা গাঁৱৰ ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছফিকুল হুছেইন শইকীয়াই সভাপতিত্ব কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক আব্দুল মতলিব।
নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আব্দুল মতিন চৌধুৰী । লগতে উপস্থিত থাকে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু বহু কেইগৰাকী বিশিষ্ট শিক্ষাবিদ,গন্যমান্য ব্যক্তি । সভাত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বিবেচিত হোৱা প্ৰতিযোগীক বঁটা আৰু প্ৰসংশা পত্ৰ প্ৰদান কৰা হয় ।লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰাই পৰিবেশিত বর্ণিল সাংস্কৃতিক কার্যসূচীয়ে সভাখন জীপাল কৰি তোলে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment