Daily Time Axom

ছিগালত নাটক -‘দ‍্য লেচন’

0 41

ৰাজ‍্যখনৰ এক পুৰণি নাট‍্যগোয্ঠী ‘ছিগাল থিয়েটাৰ’ এ পৰিবেশন কৰিব নাটক- ‘দ‍্য লেচন’।

প্ৰখ‍্যাত ৰোমানিয়ান – ফৰাচী নাট‍্যকাৰ ইউজিন আয়’নেস্কোই লিখা নাটক খনৰ অসমীয়ালৈ অনুবাদ কৰিছে বাহাৰুল ইছলামৰ তথা এই নাটকৰ পৰিকল্পনা আৰু পৰিচালনা – ভাগীৰথী বাইৰ।

বৰ্তমান সময়, শিক্ষা ব‍্যৱস্হা আৰু অধ‍্যয়নৰ গভীৰতা বিষয়ক এক মননশীল নাট‍্য প্ৰযোজনাটি পৰিবশেন কৰা হ’ব – গুৱাহাটীৰ ৰাধাগোৱিন্দ পথস্হিত জুৰনি পথৰ ‘ছিগাল ষ্টুডিঅ’ত ১০ নৱেম্বৰত সন্ধিয়া ঠিক ৬ বজাত।

নাটৰ সংগীত – আকাশ শইকীয়াৰ আৰু পোহৰ সজ্জাৰ দায়িত্বত আছে আফটাফ হুচেইন। নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে – ৰাজু ৰয়, বি পালকি আৰু ভাগীৰথী বাই।

উল্লেখযোগ‍্য যে এই নাটকখন কেই বছৰমান আগতে অসমৰ লগতে কলকাতাৰ নান্দীকাৰকে ধৰি দেশৰ কেবাখনো নাট‍্য মহোৎসৱত সফলতাৰে মন্চস্হ হৈছিল। নাটখনৰ প্ৰাসংগিকতালৈ লক্ষ ৰাখি পুনৰ পৰিবশনাৰ ব‍্যৱস্হা কৰা হৈছে।

Leave A Reply

Your email address will not be published.