Daily Time Axom

পশ্চিম নলবাৰীৰ বাদেশিলাত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গো-পূজা মহোৎসৱ

0 41

পশ্চিম নলবাৰীৰ বাদেশিলাত চাৰি দিনীয়া বর্ণাঢ্য কার্যসূচীৰে ৭৮ সংখ্যক গো-পূজা মহোৎসৱৰ শনিবাৰে যথেষ্ট ভক্তৰ সমাগম হয় । নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তবৰ্তী কৃষি প্ৰধান গাঁও বাদেশিলা গোপাল থান প্ৰাঙ্গণত অনুষ্ঠিত ৭৮ সংখ্যক গো-পূজা মহোৎসৱৰ শনিবাৰে গো-প্রদক্ষিণ, গো-গ্রাসদান, স্থানীয় ৰাইজৰ নাম-প্রসংগ অনুষ্ঠানত যথেষ্ট ভক্তৰ সমাগম হয় । চাৰিদিনীয়াকৈ অনুষ্ঠিত গো- পূজা মহোৎসৱ উপলক্ষে হোম, নাগাৰা নাম পৰিৱেশন , আৰতি প্ৰদান, স্থানীয় কৃতী ছাত্র-ছাত্রীক অভিনন্দন, চিত্ৰাংকন প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান, যাত্ৰাপাৰ্টীৰ দ্বাৰা নাট প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় । উল্লেখ্য যে ১১ নৱেম্বৰত সামৰণি পৰে উক্ত গো-পূজা মহোৎসৱৰ । ৰাইজৰ দান বৰঙনিৰে নিৰ্মান কাৰ্য চলাই থকা বাদেশিলা গোপাল থান মন্দিৰৰ অৰ্থৰ অভাবত সম্পূৰ্ণ কৰিব পৰা নাই । সেয়েহে চৰকাৰৰ পৰা অনুদান কামনা কৰিছে উদ্যোক্তা সকলে । কৃষি প্ৰধান অঞ্চল টোৰ কৃষক ৰাইজে ৭৮ বছৰ পূৰ্বে আৰম্ভ কৰিছিল গো মাতাৰ পূজা । এতিয়া সেই পূজা খনে বৃহত্তৰ অঞ্চলৰ ৰাইজক সামৰি পৰিষৰ বৃদ্ধি কৰিবলৈ সক্ষম হয় । এই পূজা খনত সেৱা আগবঢ়ালে মনৰ কামনা পূৰণ হোৱাৰ এক লোকবিশ্বাস আছে বাবে বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে । ৭৮ সংখ্যক বাদেশিলা গো-পূজা মহোৎসৱক লৈ সমগ্ৰ অঞ্চল টোতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ।

Leave A Reply

Your email address will not be published.