নাজিৰা দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত মঠিয়াছিগাত দুদিনীয়াকৈ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱৰ আয়োজন
⭕শিল্পী সকল ব্যস্ত ৰাসৰ আখৰাত
সমাগত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ | ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ৰাসৰ প্ৰস্তুতি, সমান্তৰালকৈ নাজিৰা দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু মঠিয়াছিগা, মেটেকা, বগীদ’ল, মেছাগড়, মাদুৰী, ন-মাটি, জয়খামদাং অঞ্চলৰ ৰাইজৰ সহযোগত আজি ১৪ আৰু ১৫ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱ | দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা মহোৎসৱৰ শিল্পীসকল এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ শেষৰ আখৰাত | এই ৰাস মহোৎসৱত অঞ্চলটোৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতীৰ লগতে জেষ্ঠসকলেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে |
