Daily Time Axom

বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত “খেল মহাৰণ”ৰ মাজতেই শিশু দিৱস পালন

0 96


আজি ১৪ নৱেম্বৰ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ জন্মদিন অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰা হয়। সমান্তৰালভাৱে চলি আছে খেল মহাৰাণ। খেল মহাৰণক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বৰক্ষেত্ৰীত। উল্লেখ্য যে জয়সাগৰস্থিত স্থানীয় শঙ্কৰ মাধৱ হাইস্কুল, জয়সাগৰ ছিনিয়ৰ বেছিক স্কুল, জনকল্যাণ জাতীয় বিদ্যালয়, বৰক্ষেত্ৰী পকোৱা এম ই স্কুলত দেখা গ’ল ব্যতিক্ৰমী পৰিৱেশ। জনকল্যাণ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমদল কৰি খেল খেলিবলৈ গ’ল বৰক্ষেত্ৰী পকোৱা মিলন এম ই স্কুললৈ। আনহাতে জয়সাগৰ ছিনিয়ৰ বেছিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল আহিল স্থানীয় শঙ্কৰ মাধৱ হাইস্কুললৈ। উল্লেখ্য যে খেল মহাৰণৰ ফলতেই এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আন এখন বিদ্যালয়লৈ গৈ বিভিন্ন ধৰণৰ শাৰীৰিক উৎকৰ্ষ সাধন কৰা খেলত অংশগ্ৰহন কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.