কাইলৈৰ পৰা উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত ৭ দিনীয়া ৰাস মহোৎসৱ ।
বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৰাস মহোৎসৱত এইবাৰৰ অন্যতম আকৰ্ষণ হ’ব ইয়াৰ তোৰণ খন ।
ৰূদ্ৰেশ্বৰ দেৱালয়ৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এইবাৰৰ তোৰণ ।
বাহ, কাঠ, থাৰ্মকল আৰু ৰঙেৰে নিৰ্মাণ কৰা তোৰণ খনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ।
তোৰণ নিৰ্মাণৰ বাবে সময় লাগিছে প্ৰায় ১৫ দিন ।
উল্লেখ্য যে আহোম নৃপতি স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত উত্তৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰিছিল ৰুদ্ৰেশ্বৰ দেৱালয় ।
এই ৰুদ্ৰেশ্বৰ দেৱালয়তে ১৯৪১ চনত প্ৰথম বাৰৰ বাবে আৰম্ভ কৰা হৈছিল ৰাস মহোৎসৱ ।