অনন্ত-ৰাধিকাৰৰ যুটিটো মনোৰঞ্জন জগতত প্ৰায়ে চৰ্চিত হৈ পৰে। এতিয়া মুকেশ আম্বানীৰ বোৱাৰী ৰাধিকাই নাম সলনি কৰিছে।
বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নাম সলনি কৰিছে।
ছ’চিয়েল মিডিয়াত ৰাধিকা মাৰ্চেণ্টৰ পৰা ৰাধিকা আম্বানীলৈ নাম সলনি কৰিছে তেওঁ। নাম সলনি কৰাৰ পিছতেই নেট জগতত হুলস্থুলৰ সৃষ্টি হৈছে।
ৰাধিকা মাৰ্চেণ্টৰ নাম সলনি হোৱাৰ পিছত গুগলত ৫ হাজাৰৰো অধিক লোকে সন্ধান কৰিছে। ইফালে বিয়াৰ কেইমাহমান পিছতে ৰাধিকাৰ গৰ্ভধাৰণৰ খবৰ বিয়পি পৰাত শুনা গৈছে যে অতি সোনকালে মাতৃ হ’বলৈও ওলাইছে।
ৰাধিকা মাৰ্চেণ্টে মাতৃ হ’বলৈ বেছি দেৰি নকৰে। আশা কৰা হৈছে যে ফেব্ৰুৱাৰী মাহত আম্বানী পৰিয়ালৰ নতুন অতিথি গৃহলৈ আহিব। অৱশ্যে এনে কোনো কথা আম্বানী পৰিয়ালে নিশ্চিত কৰা নাই বাবেই বহুতে ভুৱা বুলিও দাবী কৰিছে।
শেহতীয়াকৈ মুম্বাইৰ এন্টিলিয়া বাসগৃহত ৰাধিকাই ৩০ বছৰীয়া জন্মদিন উদযাপন কৰে। আম্বানী-বোৱাৰী হিচাপে এন্টিলিয়া প্ৰথম জন্মদিন উদযাপন আছিল। তেওঁৰ জন্মদিনটো ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ লোক উপস্থিত থাকে।
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ১২ জুলাইত ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় ৰাধিকা মাৰ্চেণ্টে। এই ৰাজকীয় বিয়াত বিশ্বৰ সকলো বিখ্যাত তাৰকা উপস্থিত আছিল।