পুনৰ পিতৃ হ’ল ৰোহিত , এইবাৰ ঘৰলৈ আহিল পুত্ৰ

টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা দ্বিতীয় বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে। শুকুৰবাৰে নিশা ৰোহিতৰ পত্নী ঋতিকা সচদেৱে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা নাই ৰোহিত বা তেওঁৰ পৰিয়ালৰ সদস্যই। প্ৰসংগক্ৰমে ৰোহিতে এতিয়াও অষ্ট্ৰেলিয়া ভ্ৰমণত যোৱা নাই কাৰণ তেওঁ এইখিনি সময়ত পত্নীৰ কাষত থাকিব বিচাৰে।

ইয়াৰ পূর্বে ২০১৮ চনত প্রথমবাৰৰ বাবে পিতৃ হৈছিল ৰোহিত ৷ তেওঁলোকৰ একমাত্ৰ পুত্ৰীৰ নাম সমইৰা। ছবছৰৰ পাছত পুনৰ ৰোহিত পিতৃ হৈছে । এইবাৰ তেওঁৰ পুত্ৰ সন্তান ঘৰলৈ আহিছে। অৱশ্যে দ্বিতীয়বাৰৰ বাবে ৰোহিতে পত্নীৰ গৰ্ভধাৰণৰ বিষয়ে অৱগত কৰা নাছিল কাকো । তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ আৰম্ভণিতে নাথাকিব বুলিহে প্ৰকাশ কৰিছিল। উল্লেখ্য যে, ৰোহিতে যেনেকৈ পত্নীৰ গৰ্ভধাৰণৰ খবৰ প্ৰকাশ নকৰিলে, দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ খবৰো প্ৰকাশ নকৰিলে। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰিহে জানিব পৰা গ’ল যে শুকুৰবাৰে নিশা ঋতিকাই এটি পুত্ৰ সন্তান জন্ম দিয়ে। বৰ্তমান মাতৃ আৰু সন্তান দুয়ো সুস্থ।

আনহাতে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ভাৰতীয় দল দুটা বেচত অষ্ট্ৰেলিয়ালৈ গৈছে। কিন্তু ৰোহিতহে যোৱা নাই। বৰঞ্চ তেওঁ ৱানখেদেতে অনুশীলন কৰি আছিল। পিতৃত্বৰ কথা তেওঁ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই।

Assamese NewsDaily time axomIndiaNew DelhiWorld
Comments (0)
Add Comment