Daily Time Axom

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদ সেৱাৰ সৈতে জড়িত সকলোলৈকে শুভকামনা জনাইছে জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই

0 45

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যখনৰ সাংবাদিকসকলৰ লগতে সংবাদ সেৱাৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তিলৈ আন্তৰিক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছে ।

ভাৰতত সংবাদ মাধ্যমৰ ঐতিহাসিক গুৰুত্ব থকা বুলি মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে গণতান্ত্ৰিক ব্যৱস্থা এটাক শক্তিশালী কৰি সবল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যখনৰ সাংবাদিকসকলক আৰু অধিক দায়বদ্ধতাৰে সেৱা আগবঢ়াই যাবলৈ আহ্বান জনাইছে ।

Leave A Reply

Your email address will not be published.