Sports-ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ

এখন নহয় একেলগে দুখনকৈ Academy ৰ কাম চলি আছে উত্তৰ গুৱাহাটীত ।
উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুঙ ডেকাবাৰী গাৱত নিৰ্মাণ কৰি থকা হৈছে Academy দুখন ।
Academy দুখনৰ এখন হ’ব ফুটবল Academy আৰু আনখন হ’ব ক্ৰিকেট Academy.
উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ প্ৰায় ৪০ বিঘা মাটিত নিৰ্মাণ কৰা হৈছে Academy দুখন ।
খেলুৱৈ সকলৰ বাবে সকলোধৰণৰ সা-সুবিধা উপলব্ধ হ’ব Academy দুখনত ।
ল’ৰা আৰু ছোৱালীৰ বাবে থাকিব উন্নত মানদণ্ডৰ সুকীয়া সুকীয়া হোষ্টেল ।
থাকিব ছুইমিং পুল ।
সাজু হৈ উঠিছে পেভেলিয়ন।
অসম ক্ৰিকেট সন্থাৰ দ্বাৰা “Cricket Academy” খন আৰু Guwahati Town Club ৰ দ্বাৰা ” Football Academy ” খন পৰিচালিত হ’ব ।
চলিত বছৰৰ শেষত নতুবা নতুন বছৰত শুভাৰম্ভ হ’ব Academy দুখন । – পঙ্কজ নাথৰ ৰিপৰ্ট।

AssamAssamese NewsDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment