পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ, অধিবক্তাক হত্যা

ইস্কনৰ সন্ন্যাসী চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাত অস্থিৰ হৈ পৰিছে বাংলাদেশ। মঙলবাৰে তেওঁক চট্টগ্ৰামৰ আদালতলৈ লৈ যোৱা হৈছিল। সেই সময়ত তেওঁৰ অনুৰাগীৰ সৈতে অধিবক্তাৰ সংঘৰ্ষ হৈছিল। যাৰ বাবে এজন অধিবক্তাক হত্যা কৰা হয়। বাংলাদেশৰএই অগ্নিময় পৰিস্থিতিৰ বাবে চট্টগ্ৰাম আৰু ৰাজধানী ঢাকাত অতিৰিক্ত আৰক্ষী মোতায়েন কৰিছে।

চট্টগ্ৰাম উকীল সন্থাৰ সভাপতি নাজিম উদ্দিন চৌধুৰীয়ে কয় যে মৃত অধিবক্তাজনৰ নাম ছাইফুল ইছলাম। পৰিকল্পিতভাৱে তেওঁক হত্যা কৰা হৈছিল। বাংলাদেশৰ বন্দৰ চহৰৰ বাৰ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক আশ্ৰফ হোছেইন ৰাজাকে ক্ষোভ প্ৰকাশ কৰি কয় যে ছাইফুল ইছলাম আৰিফক নিৰ্মমভাৱে হেক কৰি হত্যা কৰা হৈছে। চট্টগ্ৰামৰ অধিবক্তাই তেওঁলোকৰ সংঘৰ সদস্যক হত্যা কৰাৰ প্ৰতিবাদত বুধবাৰে আদালতৰ কাৰ্য্যবিধি স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment