Daily Time Axom

নিজৰ শাহু-শহুৰেককে পিতৃ-মাতৃ সজাই ভাৰতীয় হোৱা বাংলাদেশী যুৱক গ্ৰেপ্তাৰ

0 46

মুৰ্ছিদাবাদ জিলাৰ ৰাণীনগৰ থানাৰ সীতানগৰ গাঁৱত এজন বাংলাদেশী নাগৰিকে নিজৰ শাহু-শহুৰেককে পিতৃ-মাতৃ কৰি বাস কৰিছিল। শুকুৰবাৰে গভীৰ নিশা গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে গাঁওখনত অভিযান চলাই বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি ত্ৰিশ বছৰীয়া বাংলাদেশী নাগৰিকজনৰ নাম মেহেৰ আলী। তেওঁৰ মূল ঘৰ বাংলাদেশৰ ৰাজশাহী জিলাৰ বাঘা থানাৰ আতৰপাৰা গাঁৱত।

আৰক্ষীৰ জেৰাৰ সময়ত ধৰা পৰা লোকজনে কয় যে প্ৰায় সাত বছৰ পূৰ্বে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি ৰাজ্যখনত কেইদিনমান কটাই কেৰালাত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল। সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাণীনগৰ থানাৰ সীতানগৰ গাঁৱৰ বাসিন্দা জনৈকা ছাইৰা খাতুন নামৰ এগৰাকী মহিলাই কেৰালাত ৰাজমিস্ত্ৰীৰ কাম কৰি থকা অৱস্থাত ছ’চিয়েল মিডিয়াত মেহেৰক লগ পায়। তিনি বছৰ আগতে দুয়োৰে বিয়া হৈছিল। বৰ্তমান মেহেৰ আৰু ছাইৰাৰ দুটা সন্তান আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি ছাইৰাৰ পৰিয়ালৰ লোকক মেহেৰৰ নিজৰ পিতৃ-মাতৃয়ে চিনাক্ত কৰি ভাৰতীয় নথি-পত্ৰ দাখিল কৰিছিল। কিন্তু বছৰৰ বেছিভাগ সময় মেহেৰে কেৰালাত কাম কৰিছিল। আগতেও মাত্ৰ কেইদিনমানৰ বাবেহে শহুৰেকৰ ওচৰলৈ আহিছিল। ফলত মেহেৰক অঞ্চলটোত খুব কমেইহে দেখা পাইছিল।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ধৃত বাংলাদেশী নাগৰিক মেহেৰৰ বিৰুদ্ধে বিদেশী আইনৰ কেইবাটাও ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে। শনিবাৰে তেওঁক লালবাগ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল আৰু ৭ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখাৰ বাবে অনুৰোধ জনাইছিল। ইয়াৰ উপৰিও মেহেৰক অবৈধভাৱে ভাৰতীয় নথি দাখিল কৰাত সহায় কৰাসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

Leave A Reply

Your email address will not be published.