Daily Time Axom

নতুনকৈ আৱিষ্কাৰ হোৱা বেং এটাৰ নাম দিয়া হ’ল ‘লিওনাৰ্ডো ডিকেপ্ৰিঅ’

0 19

ইকুৱেডৰত আৱিষ্কাৰ হৈছে এটি নতুন প্ৰজাতিৰ বেং। এই জীৱটোৰ নাম ৰখা হৈছে ‘ফিলোনাষ্টেছ ডিকেপ্ৰিঅ’। যিটো অস্কাৰ বিজয়ী হলিউডৰ অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ নামেৰে নামকৰণ কৰা হৈছে। ইকুৱেডৰে কিয় এই নাম কৰিলে?

শেহতীয়াকৈ ছান ফ্ৰান্সিস্কো ইউনিভাৰ্চিটি অৱ কুইটো (USFQ), ইকুৱেডৰৰ নেচনেল ইউনিভাৰ্চিটি অৱ বায়’ডাইভাৰচিটি আৰু ইকুৱেডৰৰ কেথলিক ইউনিভাৰ্চিটিৰ গৱেষকসকলে শেহতীয়াকৈ সাতটা নতুন প্ৰজাতিৰ বেং আৱিষ্কাৰ কৰিছে। এই সৰু বেংটোৰ ছালৰ ৰং বাদামী। ছালত ক’লা দাগ আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩০০-১৭০০ মিটাৰ উচ্চতাত বাস কৰিব পাৰে। গৱেষকসকলৰ মতে, পৰিবেশৰ কামত তেওঁৰ অৱদানৰ বাবেই এই প্ৰজাতিটোৰ নাম লিঅ’নাৰ্ডোৰ নামেৰে ৰখা হৈছে। তেওঁৰ এই পদক্ষেপেই ইকুৱেডৰৰ ইয়াছুন ৰাষ্ট্ৰীয় উদ্যানত বিতৰ্কিত তেল খনন বন্ধ কৰি দিলে।

২০২৪ চনত হিমালয়ত আৱিষ্কাৰ হোৱা এটি নতুন প্ৰজাতিৰ সাপৰ নামো লিও-ৰ নামেৰে নামাকৰণ কৰা হয়। হিমাচল প্ৰদেশৰ নেপাল আৰু চাম্বা জিলাৰ মাজৰ অঞ্চলত এই প্ৰজাতিৰ সাপ পোৱা যায়। নাম দিয়া হৈছে ‘এংগুইকুলাছ ডিকেপ্ৰিঅ’ই’। ২০১৭ চনত অভিনেতা হেৰিছন ফৰ্ডৰ নামেৰে এটি নতুন প্ৰজাতিৰ সাপৰ নাম ‘Tachymenidae harrisonfordii’ ৰখা হৈছিল। প্ৰাণীবিজ্ঞানী আৰু ইংৰাজী ৰক বেণ্ড পিংক ফ্লয়ডৰ অনুৰাগী। ছেমি ডি গ্ৰেভে এটা চিংৰা প্ৰজাতিৰ নাম ৰাখিছিল ‘Cynalphius pinkfloydi’।

Leave A Reply

Your email address will not be published.