উত্তৰ গুৱাহাটীত “ৰুদ্ৰেশ্বৰ দেৱালয়” পুনৰুদ্ধাৰৰ কাম আৰম্ভ

পুনৰুদ্ধাৰ চলিছে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম কীৰ্তিস্তম্ভ উত্তৰ গুৱাহাটীৰ “ৰুদ্ৰেশ্বৰ দেৱালয়”

মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক প্ৰত্নতত্ব বিভাগে আৰম্ভ কৰিছে পুনৰুদ্ধাৰৰ কাম ।

নিৰ্মাণ কাৰ্যৰ বাবে ধাৰ্য কৰা হৈছে ২ কোটি ৩০ লাখ টকা ।

আগন্তুক ৬ মাহত সম্পূৰ্ণ হৈ উঠিব দেৱালয় খন ।

দেৱালয় খনৰ বাবে বিশেষ ভাৱে তৈয়াৰ কৰা ইটা অনা হৈছে শিৱসাগৰ, ডিব্ৰুগড় আৰু গোৱালপাৰাৰ পৰা ।

চিমেণ্টৰ বিপৰীতে নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা হৈছে চূণ, ইটাৰ ঘুৰি, বালি, গুৰ, বেল, খিলিশা, মাটিমাহ , আঠা জাতীয় পদাৰ্থ আৰু মিথি গুটি ।

১০ জন অভিজ্ঞ শ্ৰমিকে চলাই গৈছে নিৰ্মাণ কাৰ্য ।

ৰুদ্ৰেশ্বৰ দেৱালয়ৰ নিৰ্মাণ শৈলী অনন্য আৰু অপূৰ্ব হিচাপে বিবেচিত হৈছে ।

দেৱালয় খনত আছে এটা দীঘল সুৰংগ ।

তলাতল ঘৰ আৰু ৰংঘৰৰ পিছত উত্তৰ গুৱাহাটীৰ ঐতিহাসিক ৰুদ্ৰেশ্বৰ দেৱালয়ত আছে আহোম ৰাজত্ব কালৰ দীঘল সুৰংগটো ।

জহি খহি যোৱা সুৰংগটোৰো নিৰ্মাণ আৰম্ভ কৰিছে প্ৰত্নতত্ব বিভাগে ।

উল্লেখ্য যে ,স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ স্মৃতিত ১৭৪৯ চনত নিৰ্মাণ কৰিছিল এই দেৱালয় খন ।

দেৱালয় খনৰ পুনৰুদ্ধাৰৰ কাম সম্পূৰ্ণ হ’লে পৰ্যটকৰ অন্যতম আকৰ্ষণ স্থলী হৈ পৰিব এই দেৱালয়খন ।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment