ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ
বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদনৰ পৰামর্শ ৰূপায়ণৰ মিছা ‘ক্ৰেডিট’ লোৱাৰ অপচেষ্টা হিমন্ত বিশ্ব শর্মাৰ : অজাপ
‘মূল বিষয়সমূহ উলাই কৰি আনুসঙ্গিক কাম কৰাটোক অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ নুবুজায়; বিধান সভা-লোকসভা আৰু চাকৰিত আসন সংৰক্ষণহে আছিল মূল লক্ষ্য’
কালি, (১৮ ফেব্ৰুৱাৰী) কয়লা কেলেংকাৰী সম্পৰ্কীয় সংবাদ মেলত আমি কৈছিলো যে অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ এক্তিয়াৰৰ সকলো বিষয় চিলনিয়ে থপিওৱা দি থপিয়াই ফুৰি ৰাইজক বিভ্ৰান্ত কৰি আছে৷ তেনে আন এটা বিষয় হৈছে অসম চুক্তিৰ ৬নং দফা ৰূপায়ন৷
যোৱা পৰহি অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী, ২০২৫ তাৰিখে ৰাজ্য চৰকাৰে অসম লোকসেৱা আয়োগ (APSC)-ত সংগঠিত কেলেংকাৰীৰ তদন্ত কৰিবলৈ গঠন কৰি দিয়া ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত আয়োগৰ প্ৰতিবেদন অসম বিধানসভাত দাখিল কৰিছে৷ আমি চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছো ৷
কিন্তু একেগৰাকী ন্যায়াধীশৰ নেতৃত্বত পূৰ্বে গঠিত আন এখন কমিটি – যিখন অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ ৰূপৰেখা প্ৰস্তুতৰ বাবে গঠন কৰি দিয়া হৈছিল; আৰু যিখন সমিতিয়ে ৫ বছৰ পূৰ্বেই প্ৰতিবেদন প্ৰস্তুত কৰি চৰকাৰলৈ প্ৰেৰণ কৰিছিল ( চৰকাৰে গ্ৰহণ কৰিবলৈ অসন্মত হোৱাত তেখেতে ডাকযোগে প্ৰেৰণ কৰিছিল ), সেইখনৰ বর্তমান অৱস্থা (status ) কি, সেইখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে নে নকৰিলে, সেই সন্দৰ্ভত চৰকাৰ মৌন হৈ থকাটো আশ্চর্য্যজনক ৷ প্ৰতিবেদনখন আচলতে বর্তমানে ক’ত আছে, কি অৱস্থাত আছে সেইটো স্পষ্ট নহয় ৷
উল্লেখযোগ্য যে ১৯৮৫ চনত সম্পাদিত অসম চুক্তিৰ ৬নং দফা আজিলৈকে ৰূপায়িত নোহোৱাত প্ৰৱল গণ-দাবীৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ২০১৯ চনৰ ১৫ জুলাইত জাৰি কৰা অধিসূচনা যোগে উক্ত ১৩জনীয়া কমিটিখন গঠন কৰা হৈছিল ৷ কমিটীৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ৰী বিপ্লৱ কুমাৰ শর্মা ডাঙৰীয়াক আৰু কেন্দ্ৰীয় চৰকাৰৰ হৈ সদস্য সচিব হিচাপে নিযুক্ত হৈছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব শ্ৰী সত্যেন্দ্ৰ গার্গ ডাঙৰীয়া ৷
কমিটীখনে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহতে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ক দাখিল কৰিব বিচাৰিছিল যদিও কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াই কমিটীৰ অধ্যক্ষক সাক্ষাৎ নিদিলে ৷ গৃহ মন্ত্ৰ্যালয়ৰ কোনো বিষয়ায়ো আনকি ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী শর্মাক সাক্ষাৎ নিদিলে ৷ কেৱল সেয়াই নহয়, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি, গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব শ্ৰী সত্যেন্দ্ৰ গার্গ ডাঙৰীয়াই সদস্য সচিব হিচাপে প্ৰতিবেদনখনত চহীয়ে নকৰিলে ৷ অৱশেষত বাধ্য হৈ ন্যায়াধীশ ( অৱসৰপ্ৰাপ্ত ) শ্ৰী শর্মাই ডাকযোগে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদনখন প্ৰেৰণ কৰে ৷ কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰতিবেদনখন পালে নে নাপালে, সেই সন্দৰ্ভত আজিলৈকে কোনো বক্তব্য প্ৰকাশ কৰা নাই ৷ গতিকে প্ৰতিবেদনখন বৰ্তমানে কি অৱস্থাত আছে, সেয়া দেশবাসীক জনোৱাটো কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব ৷
আনহাতে, যিহেতু প্ৰতিবেদনখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব তথা কমিটিখনৰ সদস্য সচিব শ্ৰী সত্যেন্দ্ৰ গার্গে চহী কৰাই নাই, গতিকে প্ৰতিবেদনখন অসম্পূর্ণ ৷ ( কাৰণ অসম চুক্তিখন ত্ৰিপাক্ষিক আছিল ৷ )
ইফালে, যোৱা বছৰৰ ৪ ছেপ্টেম্বৰৰ দিনা উত্তৰ লখিমপুৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত হঠাতে এটা সিদ্ধান্ত লোৱা হয় যে ৰাজ্য চৰকাৰে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদন কার্য্যকৰী কৰিব ৷
আমি তেতিয়াই প্ৰশ্ন কৰিছিলো যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বিপ্লৱ শর্মা কমিটি গঠন কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে, অসম চুক্তি ৰূপায়নৰ ‘নডেল এজেন্সি’ হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়; তদুপৰি, ৬নং দফা ৰূপায়নৰ সৈতে সংবিধান সংশোধনৰ প্ৰয়োজনীয়তা আছে, এনে অৱস্থাত ৰাজ্য চৰকাৰে এই কামবোৰ কৰিব কি ক্ষমতাৰ ভিত্তিত ৷ মুখ্যমন্ত্ৰী বা বিজেপি দলে তাৰ যথাযত উত্তৰ নিদিলে ৷
বর্ণনা নিষ্প্ৰয়োজন যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ন মানে পঞ্চায়তৰ পৰা সংসদলৈ অসমীয়া মানুহৰ বাবে ৮০ শতাংশ আসন সংৰক্ষণ, চৰকাৰী চাকৰিত ৮০ শতাংশ আৰু ব্যক্তিগত চাকৰিত ৭০ শতাংশ অসমীয়া মানুহৰ বাবে সংৰক্ষণ, ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰৱৰ্তন ইত্যাদি ৷ তাৰ পূৰ্বে ৫ নং দফাত অবৈধ নাগৰিক চিনাক্ত আৰু বহিষ্কৰণৰ প্ৰসঙ্গ আছে৷ এইবোৰৰ বাহিৰে বাকী যিবোৰ কাম কৰিম বুলি কেবিনেটে সিদ্ধান্ত লৈছে বা মুখ্যমন্ত্ৰীয়ে কৈ আছে, সেইবোৰ গতানুগতিক কাম ৷ সেইবোৰৰ কাৰণে অসম চুক্তি হোৱা নাছিল, ৮৫৫ গৰাকী অসমীয়া শ্বহীদ হোৱা নাছিল, ছবছৰীয়া অসম আন্দোলন হোৱা নাছিল৷ মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বিপ্লৱ শর্মা কমিটীৰ পৰামর্শৰ ভিত্তিত যিবোৰ কাম কৰিম বুলি কৈ আছে, সেইবোৰ হৈছে কমিটিৰ প্ৰতিবেদনৰ আনুসংগিক পৰামর্শহে ৷ মূল পৰামর্শবোৰ এৰি আনুসংগিক পৰামর্শবোৰ ৰূপায়ন কৰিলে কমিটিৰ প্ৰতিবেদন ৰূপায়ন বা অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰাটো নুবুজায় ৷
শেহতীয়াভাৱে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ন্যায়াধীশ ( অৱসৰপ্ৰাপ্ত ) শ্ৰী বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদনৰ পৰামর্শ ৰূপায়ন কৰা বুলি ব্যাপক প্ৰচাৰ আৰম্ভ কৰিছে ৷ কিন্তু প্ৰকৃততে তেওঁৰ চৰকাৰে উক্ত প্ৰতিবেদনৰ মূল বিষয়সমূহ ৰূপায়ন কৰাও নাই, বা সেইসমূহ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ন কৰিব নে নাই বা কৰিলে কেতিয়া কৰিব, সেই সম্পর্কেও কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো বক্তব্য আদায় কৰিব পৰা নাই ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদনখন আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে নে নাই, সেই বিষয়েও মুখ্যমন্ত্ৰীৰ ওচৰত কোনো উত্তৰ নাই৷ এনে পটভূমিত, প্ৰতিবেদন ৰূপায়নৰ দাবী যে এটা মিথ্যাচাৰ তথা জনসাধাৰণক কৰা এটা প্ৰতাৰণা সেইটো স্পষ্ট ৷
ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) শ্ৰী বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদনত অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰিবলৈ হ’লে কেন্দ্ৰীয় চৰকাৰে কি কি কাম কৰিব লাগিব, সেয়া স্পষ্টভাৱে উল্লেখ কৰা আছে৷ উক্ত কামসমূহ চমুকৈ তলত উল্লেখ কৰা হ’ল :
ষষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসিত পৰিষদসমূহ বাদ দি সংসদ, বিধানসভা আৰু স্থানীয় নিকায়সমূহত অসমীয়া মানুহৰ বাবে ৮০ %লৈকে আসন সংৰক্ষণ;
সংৰক্ষিত আসনসমূহত জনগাঁথনি সুৰক্ষিত কৰাৰ স্বাৰ্থত সমষ্টিৰ সীমা পুনৰনির্দ্ধাৰণ;
অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণৰ লগতে উচ্চ সদনৰ সৃষ্টি — অনুসূচিত জাতি/জনজাতিৰ বাবে সংৰক্ষিত আসন বাদ দি ৮০%;
কেন্দ্ৰীয়, অৰ্ধকেন্দ্ৰীয়, কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ চাকৰিৰ বাবে অসমীয়া ভাষাৰ জ্ঞান থকাটো অগ্ৰাধিকাৰ অৰ্হতা হিচাপে বিবেচনা;
অসমৰ সাংস্কৃতিক,সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সংসদৰ আইনৰ দ্বাৰা এখন স্বায়ত্তশাসিত প্ৰতিষ্ঠান, বিটিএডিৰ বাবে এটা চৌহদ নিৰ্মাণ;
কেন্দ্ৰীয়, অৰ্ধকেন্দ্ৰীয় চৰকাৰী চাকৰি, ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ চাকৰিত ১০০ শতাংশ সম্ভৱ নহ’লে ৮০ শতাংশ, গ্ৰুপ চি কেটেগৰিৰ চৰকাৰী চাকৰিত ৮০ শতাংশ, ব্যক্তিগ খণ্ড আৰু পি পি পি মোড প্ৰতিষ্ঠানৰ চাকৰিত চাকৰিত ৭০% অসমীয়া মানুহৰ বাবে সংৰক্ষণ;
অভিলেখ আইন ১৯৫৯ সংশোধন কৰি স্পষ্ট আৰু অস্পষ্ট উভয় প্ৰকাৰৰ সাংস্কৃতিক ঐতিহ্য/সম্পত্তিৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ;
ভাৰত-বাংলাদেশ সীমান্ত সম্পূৰ্ণ ছীল কৰা;
ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা পুনৰপ্ৰৱৰ্তন ৷
উল্লিখিত কামসমূহ কার্য্যকৰী কৰাৰ বিধিগত কর্তৃত্ব অকল কেন্দ্ৰীয় চৰকাৰৰহে আছে ৷ এতেকে ৰাজ্য চৰকাৰে ন্যায়াধীশ ( অৱসৰপ্ৰাপ্ত ) বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ পৰামর্শ ৰূপায়ণ কৰিছো বুলি দাবী কৰাটো মিছা ‘ক্ৰেডিট’ লোৱাৰ কচৰতৰ বাহিৰে আন একো নহয় ৷