Daily Time Axom

পুটিন-জেলেনস্কিক জি-২০ সন্মিলনলৈ আমন্ত্ৰণ

0 15

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক বিশ্বৰ ঔদ্যোগিক দেশসমূহৰ মিত্ৰতা জি-২০ সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো ৱিডাডোৱে শুক্ৰবাৰে (২৯ এপ্ৰিল) এটা টুইটযোগে এইকথা কয় ।

ৱিডাডোৱে কয়: “মই ৰাষ্ট্ৰপতি পুটিন আৰু ৰাষ্ট্ৰপতি জেলেনস্কি দুয়োকে আমন্ত্ৰণ জনাইছো। ‘

নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ বাবে ইণ্ডোনেছিয়া হৈছে আয়োজক দেশ। সন্মিলনখন বালিৰ পৰ্যটন দ্বীপত অনুষ্ঠিত হ’ব।

যদিও ৰাছিয়া জি-২০ৰ সদস্য, ইউক্ৰেইন এতিয়াও ইয়াৰ মিত্ৰতাৰ সদস্য নহয়। কিন্তু ইউক্ৰেইনৰ যুদ্ধৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিক বিশেষ বিবেচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ বিষয়াসকলে এএফপিক জনায়।

বিষয়াসকলে এএফপিক কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ৰাছিয়াক সন্মিলনলৈ নিমন্ত্ৰণ নকৰিবলৈ ইণ্ডোনেছিয়াক যথেষ্ট হেঁচা প্ৰয়োগ কৰি আহিছে। অৱশ্যে, ইণ্ডোনেছিয়া চৰকাৰে কয় যে ইণ্ডোনেছিয়া সন্মিলনৰ আয়োজক দেশ হিচাপে নিৰপেক্ষ হৈ থাকিব লাগিব। যিহেতু ৰাছিয়া জি-২০ মিত্ৰজোঁটৰ সদস্য, ৰাছিয়াক নিমন্ত্ৰণ নকৰাটো সম্ভৱ নহয়।

ইণ্ডোনেছিয়াৰ সঁহাৰিৰ পিছত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনেও ইউক্ৰেইনক সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ পৰামৰ্শ দিছিল। তেওঁৰ পৰামৰ্শৰ উত্তৰত ইউক্ৰেইনক আমন্ত্ৰণ জনোৱা হৈছে।

Leave A Reply

Your email address will not be published.