Daily Time Axom

অনাহাৰে দিন কটাইছে মূল সুঁতিলৈ ঘূৰি অহা সশস্ত্ৰ সংগঠন TLA ৰ কেডাৰসকলে

0 9

ভীষণ সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছে মূল সুঁতিলৈ ঘুূৰি অহা সশস্ত্ৰ সংগঠন TLA ৰ কেডাৰসকল ৷ জাগীৰোডৰ টোপাতলীস্থিত অস্থায়ী শিবিৰত ভোকে-লঘোণে দিন কটাবলগীয়া হৈছে তেওঁলোকে ৷ চৰকাৰে মূল সুঁতিলৈ ঘুৰি অহা আন আন সশস্ত্ৰ সংগঠনৰ কেডাৰসকলক কিছু সাহাৰ্য প্ৰদান কৰিছে যদিও তিৱা লিবাৰেশন আৰ্মীৰ কেডাৰসকলক চৰকাৰে প্ৰদান কৰা নাই কোনো সুবিধা ৷ এই সন্দৰ্ভত দিকবিদিক হেৰুওৱা কেডাৰসকলে তিৱা জনগোষ্ঠীয় সংগঠন সমূহৰ নেতা সকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ উক্ত সভাত উপস্থিত থাকে TLA আৰু অসম চৰকাৰৰ সৈতে হোৱা শান্তি আলোচনাত সক্ৰিয় ভূমিকা পালন কৰা প্ৰাক্তন আলফা নেতা প্ৰানজিৎ শইকীয়া, অভিনেতা প্ৰাঞ্জল শইকীয়া, সাহিত্যিক পেঞ্চনাৰ মিলেশ্বৰ পাটৰ আদি কেইবাগৰাকী ব্যক্তি ৷ মূল সুঁতিলৈ ঘুৰি অহা এইসকল কেডাৰক সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে সংগঠনটোৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সকলোৱে ৷ উল্লেখ্য যে, চলিত বৰ্ষৰ ২৭ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰিছিল তিৱা লিবাৰেশন আৰ্মী নামৰ সশস্ত্ৰ সংগঠনটোৰ কেডাৰ সকলে ৷ কিন্তু তিনি মাহ উকলি যোৱাৰ পিছতো চৰকাৰৰ কোনো সঁহাৰি নাপাই অস্থায়ী শিবিৰতে অনাহাৰে দিন কটাবলগীয়া হৈছে এইসকল কেডাৰে ৷

মৰিগাঁও পৰা কৃষ্ণ কুমাৰ নাথৰ প্ৰতিবেদন
[02/05, 4:52 pm] +91 88223 86959: Gfx আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰী গ্ৰেপ্তাৰ ।

GFX মাৰ্ঘেৰিটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত নেতা গৰাকীক ।
V.O মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত মাৰ্ঘেৰিটা বাজাৰত আগছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বুলি নিজকে দাবী কৰি অহা বিতৰ্কিত নেতা সন্তোষ ছেত্ৰীৰ উদ্ভণ্ডালী । ৰাজেশ কুমাৰ শ্বাহ নামৰ ব্যৱসায়ী এজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি বয় বস্ত লণ্ডভণ্ড কৰাৰ গুৰুতৰ অভিযোগ । মাৰ্ঘেৰিটা বজাৰ কমিটিৰো সম্পাদকৰ দ্বায়িত্বত থকা বিতৰ্কিত নেতাজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মাৰ্ঘেৰিটা আৰক্ষীয়ে ।
BITE
V.O. ককায়েক বিষ্ণু ছেত্ৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান খন ৰাজেশ কুমাৰ শ্বাহক ভাড়া দিয়াৰ পাছত ভায়েক সন্তোষ ছেত্ৰীয়ে এইদৰে উদ্ভণ্ডালী কৰাটোৱে পৰিয়ালকেন্দ্ৰীক সংঘাটৰে পৰিণতি বুলি স্পষ্ট কৰিছে ।
Cas no 115/ 2022 U/S 392/ 427
IPC MRG POLICE
মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.