Daily Time Axom

শিৱসাগৰৰ শিমলুগুৰিৰ ৰমণীআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

0 10

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ নাজিৰাৰ শিমলুগুৰিৰ ৰমণীআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। মালবাহী টাটা মেজিকৰ খুন্দাত থিতাতে নিহত এজন যুৱক। ঘটনা সংঘটিত কৰি নগালেণ্ডৰ দিশে পলায়ন কৰে দূৰ্ঘটনা সংঘটিত কৰা গাডী়খন ৷ উল্লেখযোগ্য যে, শনিবাৰে নিশা শিমলুগুৰি নগৰৰ পৰা ৰমণী আলিয়েদি যোৱা এখন মাল পৰিবাহী এখন বগা ৰঙৰ টাটা মেজিকে বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটীৰ সৈতে মুখামুখিকৈ খুন্দা মাৰে। দুৰ্ঘটনাটোত শিমলুগুৰি লিকচন গাঁৱৰ ৰূপেশ্বৰ গগৈৰ পুত্ৰ দিনেশ গগৈ থিতাতে নিহত হোৱাৰ লগতে স্কুটীখনত থকা এজন বাৰ বছৰীয়া কিশোৰ গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাবে আহত কিশোৰজনক স্থানীয় লোকৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনা সংঘটিত কৰি মালবাহী গাড়ীখনে অসম নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বিহুবৰৰ দিশে পলায়ন কৰে। আৰক্ষীয়ে ইতিমধ্যে পলায়ন কৰা গাড়ীখনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.