মুকালমুৱাৰ লছিমাত অনুপম শইকীয়া, মৌৰুচী বৰা, গীত নিপুৰ সংগীতানুষ্ঠান
সুৰৰ যাদুকৰ বিহু সম্ৰাট অনুপম শইকীয়াৰ সুৰীয়া গীতে জীপাল কৰি তোলে মুকালমুৱাৰ লছিমা।
মুকালমুৱাল লছিমাত দ্বি-বাৰ্ষিক বসন্ত উৎসৱ উদযাপন । লছিমা কুহৰট্টাৰী সমন্বয় সমিতিৰ উদ্যোগত উদযাপিত দ্বি-বাৰ্ষিক বসন্ত উৎসৱত সুৰৰ যাদুকৰ বিহু সম্ৰাট অনুপম শইকীয়াৰ সংগীতানুষ্ঠানে জীপাল কৰি তোলে লছিমা অঞ্চল। অনুপম শইকীয়াৰ কন্ঠত পুনৰ সেই সুৰীয়া গীত মৰমজানৰ লগতে কেইবাটাও জনপ্ৰিয় গীত। অনুপম শইকীয়াৰ সংগীতানুষ্ঠানত সহযোগী শিল্পী মৌৰুচী বৰা আৰু গীত নিপুৱেও কেইবাটাও আকৰ্ষণীয় গীত পৰিবেশন কৰি দৰ্শকৰ মন মোহিত কৰে।

লছিমা কুহৰট্টাৰী ৰঙ্গমঞ্চ প্ৰাঙ্গণত উদযাপিত হোৱা দ্বি-বাৰ্ষিক বসন্ত উৎসৱত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰ লগতে নিশাৰ সাংস্কৃতিক অনুষ্ঠানত কেইবাটাও বিহু হুঁচৰি দলে হুঁচৰি পৰিবেশন কৰে। অঞ্চলটোৰ হিন্দু মুছলমানে ঐক্য ভাৱে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ অনুষ্ঠান উলহ মালহেৰে উপভোগ কৰে অঞ্চলবাসীয়ে।