বোকাখাতত আৰক্ষীৰ জালত পৰিল কুখ্যাত চোৰাং চিকাৰী
ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীৰ জালত পৰিল কুখ্যাত চোৰাং চিকাৰী আৰু গঁড়ৰ খৰ্গ ব্যৱসায়ী গনেশ দলে ৷ বোকাখাত আৰক্ষী আৰু বন বিভাগে যুটীয়াভাৱে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত দলেক ৷ গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত থকা গনেশ দলেক ২০১২ চনত কাৰ্বি আংলঙৰ ৰংবং আৰক্ষীয়ে প্ৰথমবাৰ গ্ৰেপ্তাৰ কৰিছিল ৷
ইয়াৰ পাছত কাজিৰঙা বন বিভাগে এক গোচৰ ৰুজু কৰি তিনিখন চমন জাৰি কৰিছিল যদিও গনেশ দলে পলাই আছিল ৷ শনিবাৰে বন বিভাগে বোকাখাতৰ ধনশিৰিমুখত মাছ ধৰি থকাৰ এক তথ্য লাভ কৰি বোকাখাত আৰক্ষীৰ সহযোগত মাছ ধৰা স্থানৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে নিশাতো বোকাখাত আৰক্ষীয়ে সোধপোচ কৰাৰ পাছত দেওবাৰে কাজিৰঙাৰ বন বিভাগক চমজাই দিয়ে ৷