Daily Time Axom

‘পৃথ্বীৰাজ’ ট্ৰেইলাৰ মুকলি হোৱাৰ লগে লগে অক্ষয়ক ট্ৰ’ল

0 9

যশ ৰাজ বেনাৰৰ ডাঙৰ বাজেটৰ ছবি ‘পৃথ্বীৰাজ’ দীৰ্ঘদিন ধৰি চৰ্চাত আছে। ছবিখনৰ কাহিনী সম্ৰাট পৃথ্বীৰাজ চৌহানৰ জীৱনৰ ওপৰত আধাৰিত। অক্ষয় কুমাৰক পৃথ্বীৰাজৰ চৰিত্ৰত দেখা যাব। ছবিখনৰ ট্ৰেইলাৰ সোমবাৰে মুক্তি দিয়া হৈছিল। ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অক্ষয়ে ছবিখনৰ সৈতে সম্পৰ্কিত বহুতো স্মৃতি ভাগ বতৰা কৰি কয় যে এইটো তেওঁৰ বাবে এক আৱেগিক মুহূৰ্ত আছিল আৰু তেওঁ বিচাৰে যে দেশৰ সন্তানে এই ছবিখন চাওক। চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ দ্বাৰা পৰিচালিত ‘পৃথ্বীৰাজ’ৰ ট্ৰেইলাৰ ওলাই অহাৰ লগে লগে, য’ত এচাম অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত প্ৰশংসা কৰিছে আৰু একে সময়তে, অক্ষয়ক ট্ৰ’লো কৰিছে।

অক্ষয় কুমাৰক এতিয়ালৈকে দৰ্শকে একচন, কমেডি আৰু দেশপ্ৰেমৰ ওপৰত আধাৰিত ছবি কৰা দেখা পাইছে । এইবাৰ প্ৰথম তেওঁক এনে এখন ঐতিহাসিক চলচ্চিত্ৰত দেখা যাব। ট্ৰেইলাৰৰ বহুতো মিম ভাইৰেল হৈ আছে য’ত অক্ষয়ৰ অভিব্যক্তিক ট্ৰ’ল কৰা হৈছে। ব্যৱহাৰকাৰীসকলে কৈছে যে অক্ষয়ৰ দৰে অভিনেতাএই চৰিত্ৰটোৰ বাবে উপযুক্ত নহয়।

Leave A Reply

Your email address will not be published.