Daily Time Axom

শিক্ষকৰ ৰূপত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0 9

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘গুণোৎসৱ ২০২২’ৰ অংশ হিচাপে বুধবাৰে পুৱা দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয় আৰু বি জে বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে ।

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ সামগ্ৰিক বিকাশৰ লক্ষ্যৰে তিনিটা পৰ্যায়ত ১১ মে’ৰ পৰা ৪ জুন, ২০২২ লৈ গুণোৎসৱ অনুষ্ঠিত হ’ব আৰু এই প্ৰক্ৰিয়াত ৪৬,০০০খন বিদ্যালয়ৰ ৪২,৫০,২২৪গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। চৰকাৰী, প্ৰাদেশিকৃত, চাহ বাগিচা পৰিচালিত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহে অংশগ্ৰহণ কৰিবলগীয়া গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে শিক্ষাৰ্থীসকলৰ মূল্যাঙ্কন কৰা হ’ব।

উক্ত অনুষ্ঠানত সতীৰ্থ বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষ শ্ৰীগুৰুজ্যোতি দাসকে ধৰি বিভাগীয় উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.