Daily Time Axom

পাকিস্তান-চীনৰ সংযোগ ছিন্ন

0 15

পাকিস্তান আৰু চীনক সংযোগ কৰা হাছানাবাদ দলংখন হড়পা বানৰ পানীৰ সোঁতত খহি পৰিল। দলংখন চীনে পাকিস্তানৰ গিলগিট-বাল্টিস্তান অঞ্চলত বৃহৎ ব্যয়েৰে নিৰ্মাণ কৰিছিল।

দলংখন হুঞ্জা উপত্যকাৰ কাৰাকোৰাম ঘাইপথৰ এটা জনপ্ৰিয় পৰ্যটনস্থলী আছিল। প্ৰচণ্ড গৰমৰ ফলত উত্তৰ পাকিস্তানৰ শিশাপাৰ হিমবাহ গলি হড়পা বান সৃষ্টি হয়। সেই পানী তললৈ নামি আহে। ফলত দলংখনে পানীৰ আঘাত সহ্য কৰিব নোৱাৰি খহি পৰে।

এই দলংখন খহি পৰাৰ ফলত উত্তৰ পাকিস্তান আৰু কাৰাকোৰাম হাওৰ মাজত যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। কেৱল হাছানাবাদ দলংখনেই নহয়, হাছানাবাদৰ দুটা জলবিদ্যুৎ প্ৰকল্পও হড়পা বানত ধ্বংস হৈছে।

পাকিস্তানৰ পৰিৱেশ মন্ত্ৰী শ্বেৰী ৰহমানে টুইট কৰি কয়, “কেইদিনমান আগতে পৰিৱেশ মন্ত্ৰালয়ৰ পৰা সতৰ্কবাণী আহিছিল। অত্যাধিক গৰমত হিমবাহ গলি যোৱাৰ ফলত হড়পা বান সৃষ্টি হ’ব পাৰে। হাছানাবাদ দলংখন ধ্বংস হৈছে । শীঘ্ৰেই দুয়োখন দেশ চীন-পাকিস্তানৰ মাজত এখন অস্থায়ী দলং নিৰ্মাণ কৰা হ’ব।

Leave A Reply

Your email address will not be published.