Daily Time Axom

উত্তৰ কোৰিয়াত লক্ ডাউন ঘোষণা কিম জঙৰ

0 17

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বৃহস্পতিবাৰে (১২ মে’) দেশখনত ক’ভিড-১৯ৰ প্ৰথমটো ঘটনা নিশ্চিত কৰাৰ পিছত দেশজুৰি লকডাউনৰ নিৰ্দেশ দিছে।

সংবাদ সংস্থা এএফপিৰ মতে, ৰাজ্যিক সংবাদ মাধ্যমসমূহে ক’ভিড-১৯ৰ এটাও ঘটনাৰ কথা প্ৰকাশ কৰা নাছিল দেশখনত। সেয়ে এই ঘটনাক ‘গুৰুতৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন ঘটনা’ বুলি ঘোষণা কৰিছে।

চৰকাৰী কোৰিয়ান চেণ্ট্ৰেল নিউজ এজেঞ্চিয়ে (কেচিএনএ) কয়, “পিয়ংইয়ংত জ্বৰত আক্ৰান্ত ৰোগীসকলৰ পৰা সংগ্ৰহ কৰা নমুনাবোৰ “ওমাইক্ৰন বি.এ.২ প্ৰকাৰৰ সৈতে মিলিছে”।

ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে নেতা কিম জং উনকে ধৰি শীৰ্ষ বিষয়াসকলে বৃহস্পতিবাৰে এক বৈঠক অনুষ্ঠিত কৰি প্ৰাদুৰ্ভাৱৰ বিষয়ে আলোচনা কৰে আৰু ঘোষণা কৰে যে তেওঁলোকে ‘সৰ্বাধিক জৰুৰীকালীন মহামাৰী প্ৰতিৰোধ প্ৰণালী’ কাৰ্যকৰী কৰিব।

কিম জং উনে “সমগ্ৰ দেশৰ সকলো চহৰ আৰু এলেকাবোৰক ভালদৰে লকডাউন কৰিবলৈ আহ্বান জনাইছে।”

উত্তৰ কোৰিয়াত কিমান জন লোকৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰা হৈছিল সেয়া তাৎক্ষণিকভাৱে জনা নাযায়।

উত্তৰ কোৰিয়াই এতিয়ালৈকে ৰাষ্ট্ৰসংঘই আগবঢ়োৱা ভেকছিনো প্ৰত্যাখ্যান কৰিছে, সম্ভৱতঃ সেইবোৰৰ আন্তৰ্জাতিক নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে।

Leave A Reply

Your email address will not be published.