Daily Time Axom

অফিচ আছে,কৰ্মচাৰী নাই। মৰিশালিলৈ পৰিণত নাৰায়নপুৰ হস্ততাত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ

0 9

অসম চৰকাৰৰ এটা বিভাগ হস্ততাত বস্ত্ৰ শিল্প । যিটো বিভাগ যেন এতিয়া অৰ্থহীন হৈ পৰিছে । তাৰে জলন্ত উদাহৰণ লখিমপুৰ জিলাৰ নাৰায়নপুৰত থকা হস্ততাত বস্ত্ৰ শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰটো । যেনেকৈ আছে গৰু নাবাই হাল-সেইদৰেই বছৰ বছৰ ধৰি কেন্দ্ৰটোত নাই প্ৰশিক্ষণ অথবা কাৰ্যালয়ৰ কাম-কাজ । কাৰণ প্ৰশিক্ষণ কেন্দ্ৰটোত এগৰাকী চকিদাৰৰ বাহিৰে নাই এগৰাকীও স্থায়ী কৰ্মচাৰী, বিষয়া । জানিব পৰা মতে উক্ত প্ৰশিক্ষণ কেন্দ্ৰটোলৈ মাজে মাজে এগৰাকী ভাৰপাপ্ত কৰ্মচাৰীয়ে কেন্দ্ৰৰটোৰ কাম- কাজ চোৱা চিতা কৰা উপৰিও ছাত্ৰী সকলক আগবঢ়াই সংক্ষিপ্ত কটা-বোৱাৰ নমুনা । যিহেতু ভাৰপাপ্ত বিষয়া গৰাকী নাৰায়নপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ ক্ষেত্ৰ সহায়ক হিচাপে চাকৰি কৰা উপৰিও হস্ততাত প্ৰশিক্ষণ কেন্দ্ৰত আহে মাথো কেতিয়াবা । আৰু কটা-বোৱা প্ৰশিক্ষণ দিবলৈও নাই পৰ্যাপ্ত পৰিমাণৰ অৰ্হতা । এনেকৈ চলি আছে প্ৰশিক্ষণ কেন্দ্ৰ, নাই ,স্থায়ী কৰ্মচাৰী ,নাই ছাত্ৰী । মাত্ৰ এগৰাকী চকিদাৰৰ বাহিৰে একপ্ৰকাৰ কেন্দ্ৰটো হৈছে মৰিশালিলৈ পৰিনত । আনহাতে কেন্দ্ৰটোৰ পূৰ্বৰ বিলডিং সমুহ ভাঙি -ছিঙি ভূত বাংলালৈ পৰিণত হৈছে । দুৰ্গন্ধময় পৰিবেশ,নাই চৌহদৰ দেৱাল, মুঠৰ ওপৰত একপ্ৰকাৰ মৰিশালিলৈ পৰিনত কেন্দ্ৰটোৰ বাবদ চৰকাৰৰ কোনো লাভালাভ নোহোৱা বিপৰীতে হাজাৰ হাজাৰ টকা অপচয় কৰিছে বিভাগটোৰ দ্বাৰা । যাৰ বাবে স্থানীয় ৰাইজে ক্ষোভত এনে অপ্ৰয়োজনীয় বিভাগটোকে উঠাই দিবলৈ দাবী জনাইছে ।

নাৰায়নপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.