ছিপাঝাৰৰ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলে গুনোৎসৱত সৃষ্টি কৰিলে নান্দনিক পৰিবেশৰ
আপ্লুত কৰিলে উপস্থিত শিক্ষক শিক্ষয়ত্ৰী আৰু চৰকাৰী পৰ্যবেক্ষকসকলক ।

শুকুৰবাৰে ছিপাঝাৰৰ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ গুনোৎসৱৰ অংশ হিচাপে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উপ সভাপতি ,অৱসৰ প্ৰাপ্ত শিক্ষক, মাতৃ গোট আৰু অভিভাৱক সকলৰ উপস্থিতিত অনুস্থিত হোৱা প্ৰাত সভাৰ দৃশ্যই সকলোকে আপ্লুত কৰিছে।
বিদ্যালয়খনত ১১মে’ তাৰিখেপৰিদৰ্শক ,বিদ্যালয় খনৰ শৈক্ষিক প্ৰধান গোলক চন্দ্ৰ হাজৰিকাৰ উপস্থিতিত স্ব-মুল্যায়ন কৰা হয় ।
শুকুৰবাৰে ৰাতিপুৱা প্ৰাত সভা অনুষ্ঠিত হয় প্ৰাত সভাৰ পৰ্যবেক্ষন কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹পৰমানন্দ ৰাজবংশী, ছিপাঝাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া গীতা দেৱী, দেওমৰনৈ গাওঁ পঞ্চায়তৰ সভাপতি পদ্মা দেৱী , আৰু ছিপাঝাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা ছহিদুল ইছলামে ।
প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰে পৰিপূৰ্ণ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ পৰিচালনা সমিতিৰ সদস্য আৰু মাতৃ গোটৰ সদস্যসকলে গুনোৎসৱৰ বাবে প্ৰায় ছয় সাত দিন ধৰি বিদ্যালয় খন সজাই পৰাই তোলে ।
গুনোৎসৱৰ মুল্যায়ক হিচাপে উপস্থিত থাকে দৰং জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা বিজয় চন্দ্ৰ শৰ্মা, আৰু গড়কাপ্তানি বিভাগৰ সহকাৰী গাণনিক বিষয়া জ্যোতিপ্ৰসাদ শইকীয়া ।
উল্লেখযোগ্য যে গুনোৎসৱৰ সময়চোৱাত বিদ্যালয় খনত পাঁচটাকৈ শিক্ষকৰ পদ খালী হৈ থকা আৰু শ্ৰেনী কোঠাৰ অভাৱৰ কথা প্ৰধান শিক্ষকৰ বক্তৃতাত প্ৰকাশ পায় । বিদ্যালয়ৰ খনত গুনোৎসৱৰ সময় চোৱাত এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰে ।