Daily Time Axom

আজি নগাঁৱত অনুষ্ঠিত হয় ৰাইজৰ দলৰ কৰ্মীসভা

0 15

অসমৰ প্ৰতিখন জিলাত ৰাইজৰ দলৰ কৰ্মীসভা সমূহ চলি আছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই কৰ্মীসভা সমূহত মুখ্য বক্তা হিচাপে যোগদান কৰে। তদুপৰি কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি আৰু সাধাৰণ সম্পাদকসকল। নগাওঁ জিলাত ৰাইজৰ দলৰ কৰ্মীসভা অনুষ্ঠিত হৈছিল। উক্ত কৰ্মীসভাত দলৰ সভাপতি অখিল গগৈ , সাধাৰণ সম্পাদকদ্বয় ৰাছেল হুছেইন আৰু গিৰিশংকৰ গোস্বামী, মুখপাত্ৰ মেহবুব মুক্তাৰ, মুখপাত্ৰ জ্ঞানশ্ৰী বৰা আৰু যুৱ দলৰ আহ্বায়ক সকল ক্ৰমে লক্ষজ্যোতি গগৈ, সৌৰভ বৰা আৰু সুব্ৰত দত্ত উপস্থিত থাকে। আজিৰ সভাখনৰ সভাপতিত্ব কৰে ৰাইজৰ দলৰ নগাঁও জিলাৰ সভাপতি বিনয় বৰা আৰু মেহবুব মুক্তাৰে। আজিৰ সভাত দলৰ সভাপতিয়ে ভাষণ প্ৰদান কৰাৰ উপৰিও গিৰিশঙ্কৰ গোস্বামী, ৰাছেল হুছেইন, মেহবুব মুক্তাৰ আৰু জ্ঞানশ্ৰী বৰাই বক্তব্য দাঙি ধৰে।নগাঁও জিলাৰ কৰ্মীসকলে তেওঁলোকৰ সাংগঠনিক বিভিন্ন বিষয়ৰ ওপৰত মতামত দাঙি ধৰে। সকলোৱে নগাওঁ জিলা সমিতি খন শক্তিশালী কৰিবলৈ সংকল্প গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.