Daily Time Axom

দেউৰী স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষাৰ বিৰুদ্ধে অপপ্ৰচাৰত ক্ষোভ বৰদেউৰী সমষ্টিবাসীৰ

0 8

ক্ৰমাৎ দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাত একাংশ স্বাৰ্থপৰায়ন লোকে বৰদেউৰী সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি অহা দেউৰী স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষা অমৃতপ্ৰভা দেউৰীৰ বিৰুদ্ধে উঠি-পৰি লাগিছে । প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২০০৫ চনতে গঠন কৰি দিয়া দেউৰী স্বায়ত্ব পৰিষদৰ পৰাই সুদীৰ্ঘ কাল বৰদেউৰী সমষ্টিবাসীৰ কাৰণে বিভিন্ন উন্নয়ন মূলক কাম কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত বিপদৰ বন্ধু হিচাপে থিয় দি অহা বৰ্তমানৰ উপাধ্যক্ষা অমৃতপ্ৰভা দেউৰীৰ বিৰুদ্ধে একাংশ লোকে সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন অপপ্ৰচাৰ কৰি অহাত ক্ষোভিত হৈ পৰিছে বৃহত্তৰ বৰদেউৰী গাওঁবাসী ৰাইজ । যাৰবাবে আজি ক্ষোভিত ৰাইজে এখনি প্ৰতিবাদী সভাত একাংশ স্বাৰ্থপৰ লোকৰ বিৰুদ্ধে সৰৱ হৈ পৰে । যিহেতু বৃহত্তৰ বৰদেউৰী গাওঁ খনৰ ৰাইজৰ মন জয় কৰিব পৰাকৈ আজি পৰ্যন্ত কোনো কামকে নকৰা একাংশ লোকে কেৱল নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত উপাধ্যক্ষা অমৃতপ্ৰভা দেউৰীৰ দুৰ্নীতি হোৱা, লাখ-লাখ টকা আত্মসাৎ কৰা ইত্যাদি বদনামৰে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাত বৰদেউৰীবাসী ৰাইজে সেই সকলক কুলি চৰাই আখ্যা দিছে । আনহাতে উপাধ্যক্ষা অমৃতপ্ৰভা দেউৰীৰ সৈতে শদিয়াৰ বুঢ়া-বুঢ়ী থানলৈ বৰদেউৰী গাঁৱৰ প্ৰায় ডেৰশতাধিক লোকে এক ভ্ৰমণৰ সম্পৰ্কত একাংশ লোকে দেওশালত শপত খোৱা বুলি কৰা অপপ্ৰচাৰত ৰাইজে পুনেই নাকচ কৰি এনে ঘিননীয় বাক্য কৰা লোকসকলক ভৱিষ্যতে এনে বাক্য প্ৰয়োগ নকৰিবলৈ সকিয়াই দিছে।

নাৰায়নপুৰৰ পৰা গোৱালাৰ ৰিপৰ্ট ।

Leave A Reply

Your email address will not be published.