Daily Time Axom

দেৱালত জিলিকি উঠিছে জুবিন পাপনৰ ছবি

0 15

ডিজিটেল ডেস্কঃ মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ পিছত এইবাৰ ৰাজহুৱা স্থান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত আগবাঢ়িছে নগাঁৱৰ মৃদুপৱন। নগাঁৱৰ ৰাইদঙ্গিয়াৰ মৃদুপৱন বৰা নামৰ এই যুৱকজনে সৰুৰে পৰা ছবি আঁকি ভাল পায়। সেয়ে মৃদুপৱনে তেওঁৰ ভালপোৱা কামেৰে জনসচেতনতা অনাৰ প্ৰয়াসেৰে তেওঁৰ বন্ধু ভাস্কৰ বৰা আৰু গৌতম বৰাৰ সহযোগত ৰাজহুৱা স্থানৰ দেৱালত অংকন কৰিছে জুবিন পাপনৰ ছবি। নগাঁৱৰ বেবেজীয়াৰ সমীপৰ মাহৰিআটিৰ বাইপাচৰ এটি সৰু টানেলৰ দেৱালত এতিয়া মৃদুপৱনৰ পৰশত এনেদৰে জিলিকি উঠিছে অসমৰ জনসাধাৰণৰ হিয়াৰ আপোন জুবিন,পাপনৰ ছবি। চৌপাশ সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে ভাস্কৰ আৰু গৌতম বৰাৰ সহিতে মৃদুপৱনে কৰা এই প্ৰচেষ্টা সচাই প্ৰশংসনীয়।আহক আমিও এই বিপ্লৱৰ অংশীদাৰ হও।

Leave A Reply

Your email address will not be published.