ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য আছুত থাকিব নে ?
ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাত ভৱিষ্যতে ডo সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যক দেখিবলৈ পোৱা যাব নে নাযাব তাকে লৈ ইতিমধ্যে সৰৱ চৰ্চা আৰম্ভ হৈছে। উল্লেখযোগ্য যে ইতিপূৰ্বে এইবাৰৰ দুলীয়াজান অধিৱেশনত আছুৰ পৰা অব্যাহতি লোৱাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ভট্টাচাৰ্য্যই। দীৰ্ঘদিন ধৰি আছুক সন্মুখৰ পৰা নেতৃত্ব দি অহা সমুজ্জ্বল ভট্টাচাৰ্য্যই অব্যাহতি লোৱা প্ৰসংগটো আজি নিশা অনুষ্ঠিত হবলগীয়া প্ৰতিনিধি সভাতহে স্পষ্ট হব।
ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিবেশনৰ দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা আছুৰ পতাকা উত্তোলন কৰে সভাপতি দীপাংকৰ কুমাৰ নাথে, তাৰ পিছতেই শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। শ্বহীদ তৰ্পনৰ পিছত সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।
বাৰেৰহণীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে যশস্বী অভিনেতা অৰুণ হাজৰিকা, মাধুৰীমা চৌধুৰী আৰু জনপ্ৰিয় কণ্ঠশিল্পী দিপলীনা ডেকাই। ইফালে বুধবাৰে নিশা অনুষ্ঠিত হোৱা আছুৰ পুৰণি সমিতিৰ শেষৰখন কাৰ্য্যনিৰ্বাহক সভাত আৱেগিক হৈ পৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। আছুৰ মুখ্য উপদেষ্টা পদত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থাকিব নে নাথাকে সেয়া প্ৰতিনিধি সভাতহে স্পষ্ট হব।