Daily Time Axom

আই পি এলৰ জুৱাত পোষ্ট মাষ্টাৰে হাৰিল ১ কোটি টকা, এতিয়া ৰঙাঘৰত

0 9

সাধাৰণ মানুহে ফিক্সড ডিপজিটৰ বাবে ডাকঘৰত টকা জমা দিছিল৷ আৰু সেই টকা আই পি এলৰ জুৱাতলগাইছিল পোষ্টমাষ্টাৰে৷

বেটিং হেৰুৱাই তেওঁ জমাকৰ্তাসকলৰ প্ৰায় এক কোটি টকা হেৰুৱাইছিল৷ মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ এটা উপ-ডাকঘৰত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে৷

উপ-ডাকঘৰৰ পোষ্ট মাষ্টাৰ বিশাল আহিৰৱাৰক আৰক্ষীয়ে এই গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁ আৰক্ষীৰ সন্মুখত অভিযোগটো স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে৷

অভিযোগ অনুসৰি, টকা জমা দিয়াৰ পিছত পোষ্ট মাষ্টাৰে ভুৱা এফ ডি একাউণ্ট নম্বৰ জমাকৰ্তাসকলক দিছিল ৷

ফলস্বৰূপে, জমাকৰ্তাসকলে সন্দেহ কৰিছিল৷ আনহাতে, অভিযুক্তজনে গোটেই ধনখিনি আই পি এল জুৱাত লগাইছিল ৷

তেওঁ যোৱা দুবছৰ ধৰি এনে কৰি আছিল বুলি অভিযোগ কৰা হৈছে৷

বাইনাৰ জিআৰপি আৰক্ষী থানাই অভিযুক্ত পোষ্ট মাষ্টাৰক গ্ৰেপ্তাৰ কৰিছে৷ জিআৰপিৰ এজন বিষয়াই কয় যে অভিযুক্তজনক প্ৰৱঞ্চনাৰ বাবে আইপিচিৰ ধাৰা ৪২০ আৰু বিশ্বাস ভঙ্গৰ বাবে ৪০৮ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ আন কেইবাটাও ধাৰাও যোগ কৰা সম্ভাৱনা আছে ৷

Leave A Reply

Your email address will not be published.