Daily Time Axom

লিডুৰ আই টি আইত মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুলৰ শুভাৰম্ভ

0 19

মুখ্য অতিথি ৰূপে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা

অসম চৰকাৰৰ গাড়ী চালনাৰ কৌশল বিকাশ আঁচনি ২০২১ৰ অন্তৰ্গত তিনিচুকীয়া জিলা পৰিবহন বিষয়াৰ সহযোগত আজি লিডুৰ আই টি আইত মটৰ ড্ৰাইভিং ট্ৰেনিং স্কুলৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা । বিধায়ক ভাস্কৰ শৰ্মাই মটৰ ড্ৰাইভিং প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমান যুৱক যুৱতী সকলে নিজকে কৰ্মদক্ষ ৰূপে গঢ় দি সংস্থাপন লাভ কৰিবলৈ সক্ষম হব বুলি কয়। লগতে অসম চৰকাৰে নিবনুৱা সমস্যা সমাধানৰ বাবে বহু ধৰণৰ আঁচনি প্ৰস্তুত কৰি অসমৰ যুৱক যুৱতী সকলক সংস্থাপন দি আহিছে বুলি ভাষণ প্ৰসঙ্গত কয়। বিধায়ক গৰাকীয়ে মাঙ্গলিক নিয়মেৰে ধূপ বন্তি প্ৰজ্বলন কৰাৰ লগতে ফিটা কাটি প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজিৰ এই অনুষ্ঠানত ৫০ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত মাৰ্ঘেৰিটা আঞ্চলিক পন্ঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা যুৱনেতা ভৱেশ দত্ত মাৰ্ঘেৰিটা জিলা পৰিষদৰ সদস্য নিভাজ্যোতি ফুকন আদিকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.