‘তাজমহলৰ তলত প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী বিচাৰিছে তেঁওলোকে’- আছাদুদ্দিন ওৱেছীৰ বিতৰ্কিত মন্তব্য
দেশজুৰি চলি থকা মন্দিৰ-মছজিদ বিবাদৰ মাজতে শনিবাৰে এআইএমআইএমৰ মূৰব্বী ওৱেইছিয়ে কয় যে আগ্ৰাৰ তাজমহলৰ তলত প্ৰধানমন্ত্ৰীৰ ডিগ্ৰী বিচাৰিছে।
শনিবাৰে মহাৰাষ্ট্ৰৰ ভিৱাণ্ডীত এক ভাষণত লোকসভাৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি আক্ৰমণাত্মক হৈ পৰে । তেওঁ এক বিতৰ্কিত মন্তব্য কৰি কয়, “তাজমহলৰ তলত তেঁওলোকে প্ৰধানমন্ত্ৰী মোদীৰ ডিগ্ৰী বিচাৰিছে।”
যোৱা দুসপ্তাহমান পূর্বে তাজমহলৰ বিতর্ক শীৰ্ষত আছিল ৷ আগ্ৰাৰ তাজমহলত তলা লগোৱা ২২টা কোঠাৰ ভিতৰত থকা “সত্য বিচাৰি উলিয়াবলৈ” এখন আবেদন দাখিল কৰিছিল এজন বিজেপি নেতাই। আবেদনখনত দাবী কৰা হৈছিল যে সমাধিক্ষেত্ৰটো প্ৰকৃততে এটা পুৰণি শিৱ মন্দিৰ।
১২ মে’ত এলাহাবাদ উচ্চ ন্যায়ালয়ে আবেদন খাৰিজ কৰি কয় যে এনে কথাবোৰ “ইতিহাসবিদসকলৰ ওপৰত এৰি দিয়া উচিত”।
‘ভাৰত দ্ৰাবিড়, আদিবাসীৰ অন্তৰ্গত’।
একেটা ভাষণতে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে কয় যে বিজেপিয়ে ভাৰতৰ বাহিৰৰ পৰা কেনেকৈ মোগল আহিল সেই বিষয়ে কথা পাতি থাকে কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আন কেইবাটাও সম্প্ৰদায়ৰ লোকেও তেনেকৈয়ে আহিছিল সেয়া নকয় । তেওঁ কয় যে কেৱল দ্ৰাবিড় আৰু আদিবাসী ভাৰতৰ খিলঞ্জীয়া।
“ভাৰত মোৰ নহয়, থাকৰেৰ নহয়, মোডী-শ্বাহৰ নহয়। ভাৰত যদি কাৰোবাৰ হয়, তেন্তে সেয়া দ্ৰাবিড় আৰু আদিবাসী। বিজেপি-আৰ এছ এছ কেৱল মোগলৰ পিছতহে। কিন্তু আচলতে আফ্ৰিকা, ইৰাণ, মধ্য এছিয়াৰ পৰা মানুহ প্ৰব্ৰজন কৰাৰ পিছতেই ভাৰত গঠন হৈছিল।”
