Daily Time Axom

নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ দিনাই পাঞ্জাৱী গায়ক সিধু মুছৱালাক গুলীয়াই হত্যা

0 10

আকৌ অগ্নিগৰ্ভা হোৱাৰ দিশে পঞ্জাৱ ৷ পঞ্জাৱত দেওবাৰে গুলীয়াই হত্যা কৰা হয় জনপ্ৰিয় পঞ্জাৱী কণ্ঠশিল্পী তথা কংগ্সিৰেছ নেতা সিধু মুছৱালাক ৷ আজি ২৯ মে’ দেওবাৰে মানছা জিলাৰ জৱাহৰকে গাঁৱত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে পাঞ্জাৱী জনপ্ৰিয় গায়ক সিধু মুছৱালাক।

নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ দিনাই মানসা জিলাৰ জৱাহৰকে গাঁৱত দেওবাৰে গুলীয়াই হত্যা কৰা হয় পাঞ্জাৱী কণ্ঠশিল্পী তথা কংগ্ৰেছ নেতা সিধু মুছৱালা।

পঞ্জাৱ আৰক্ষীয়ে পাঞ্জাৱী গায়ক সিদ্ধু মুছৱালাকে ধৰি ৪২৪ জন লোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে।

এইবাৰৰ পঞ্জাৱৰ বিধানসভা নিৰ্বাচনত মানছাৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল সিদ্ধু মুছৱালাই ৷ ৬৩ হাজাৰ ভোটৰ বিপুল ব্যৱধানত আপৰ প্ৰাৰ্থী বিজয় চিংলাৰ হাতত পৰাজিত হৈছিল। শেহতীয়াকৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দুৰ্নীতিৰ অভিযোগত বিজয় চিংলাক বৰ্খাস্ত কৰিছিল।

যোৱা মাহত সিধু মুছৱালাই ‘স্কেপগ’ট’ গীতটোত আম আদমী পাৰ্টি আৰু ইয়াৰ সমৰ্থকসকলক লক্ষ্য কৰি লোৱাৰ পিছতে এক কাজিয়াৰ সূচনা হৈছিল । কণ্ঠশিল্পী গৰাকীয়ে তেওঁৰ গীতটোত আপ সমৰ্থকসকলক ‘গদ্দাৰ’ (দেশদ্ৰোহী) আখ্যা দিছিল।

পাঞ্জাৱী গায়কগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰণদীপ সিং সূৰজৱালাই টুইট কৰি কয়, ‘সিধু মুছৱালাৰ দিনৰ পোহৰত হোৱা হত্যাকাণ্ডত গভীৰভাৱে স্তম্ভিত। সমগ্ৰ বিশ্বৰ পঞ্জাৱ আৰু পাঞ্জাৱীয়ে হেৰুৱাইছে গণসংযোগী এজন প্ৰতিভাৱান শিল্পী, যিয়ে মানুহৰ স্পন্দন অনুভৱ কৰিব পাৰিছিল। সমগ্ৰ বিশ্বতে তেওঁৰ আপোনজন আৰু অনুৰাগীসকললৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।”

এই ঘটনাৰ পিছতে বিজেপি নেতা মনজিন্দৰ সিং ছিৰছাই “মুখ্যমন্ত্ৰীৰ কৰ্তব্যৰ প্ৰতি গাফিলতি”ক লৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰাৰ দাবী কৰে।

‘আমি পঞ্জাৱ চৰকাৰক পঞ্জাৱৰ পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দিবলৈ সকীয়াই দি আহিছো। মুখ্যমন্ত্ৰীত্বৰ কৰ্তব্যত অৱহেলাৰ বাবে সিধু মুছৱালাৰ প্ৰাণ হেৰুওৱাৰ বাবে ভগৱন্ত মানৰ বিৰুদ্ধে এফআইআৰ দাবী জনাইছো। অৰবিন্দ কেজৰিৱালৰ সৈতে ভগৱন্ত মানক গ্ৰেপ্তাৰ কৰা উচিত।’-মঞ্জিন্দৰ সিং ছিৰছাই কয়।

সিধু মুছৱালা কোন আছিল?
১৯৯৩ চনৰ ১৭ জুনত জন্মগ্ৰহণ কৰা শুভদীপ সিং সিধু ওৰফে সিধু মুছৱালা মানসা জিলাৰ মুছৱালা গাঁৱৰ আছিল। মুছৱালাৰ ফেন ফ’ল’ৱাৰ আছিল লাখ লাখ আৰু তেওঁৰ ৰেপৰ বাবে জনপ্ৰিয় আছিল।

মুছৱালাই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছিল ৷ কলেজৰ দিনত তেওঁ সংগীত শিকিছিল আৰু পিছলৈ কানাডালৈ গৈছিল।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি পোৱা তেওঁৰ গীত ‘জট্টি জেওনাই মৰহ দি বন্দুক ৱাৰগী’ই ১৮ শতিকাৰ শিখ যোদ্ধা মাই ভগোৰ কথা উল্লেখ কৰি ক্ষোভৰ সৃষ্টি কৰিছিল। তেওঁ শিখ যোদ্ধাজনৰ ওপৰত নেতিবাচক উত্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত মুছৱালাই ক্ষমা খুজিছিল।

‘সঞ্জু’ নামৰ আন এটি গীতেও ২০২০ চনৰ জুলাই মাহত বিতৰ্কৰ সৃষ্টি কৰিছিল। একে-৪৭ গুলীচালনাৰ গোচৰত সিধু মুছৱালাই জামিন লাভ কৰাৰ পিছতে মুক্তি লাভ কৰিছিল এই গীতটো। ছ’চিয়েল মিডিয়াত মুকলি কৰা গীতটোত তেওঁ নিজকে অভিনেতা সঞ্জয় দত্তৰ সৈতে তুলনা কৰিছিল। ২০২০ চনৰ মে’ মাহত বৰ্ণলা গাঁৱৰ ফায়াৰিং ৰেঞ্জত অনুশীলন কৰি থকা ভিডিঅ’ ক্লিপ এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তেওঁৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত এটা গোচৰো দাখিল কৰা হৈছিল।অৱশ্যে পৰৱৰ্তী সময়ত তেওঁক ছাংগুৰুৰ আদালতে জামিন প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.