Daily Time Axom

জনপ্ৰিয় কমেডিয়ান ভাৰতী সিংৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ অভিযোগ

0 24

ডিজিটেল ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে NCB য়ে অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বানিয়াৰ ওপৰত ড্ৰাগছ সেৱনৰ অভিযোগ উত্থাপিত হৈছে। শনিবাৰে পুৱাই উক্ত অভিযোগৰ ভিত্তিতে ভাৰতী আৰু হৰ্ষৰ মুম্বাই স্থিত বাসগৃহত মোহৰ মাৰে NCB ৰ দলটোৱে। অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰে পৰাই ড্ৰাগছৰ অভিযান অব্যাহত ৰাখিছিল NCB য়ে । আৰু এই অভিযান অব্যাহত থকাৰ সময়তে ভাৰতী আৰু হৰ্ষৰ ওপৰত ড্ৰাগছ সেৱনৰ অভিযোগ উঠিছে।
ইফালে চলিত মাহৰ প্ৰথম ভাগতেই অভিনেতা অৰ্জুন ৰামপালৰ বাসগৃহত মোহৰ মাৰিছিল NCB য়ে। উল্লেখ্য যে অৰ্জুন ৰামপালৰ প্ৰেয়সী গ’ব্ৰীএলাক সুধা পোচাৰ বাবে চমন পথাইছিল আৰু তাৰ পিছতেই একেৰাহে দুদিন সোধ পোচ কৰিছিল NCB ৰ দলটোৱে। ইয়াৰ পুৰ্বেই NCB য়ে গ’ব্ৰীএলাৰ ভাতৃ এগিছক গ্ৰেপ্তাৰ কৰিছিল।

Leave A Reply

Your email address will not be published.