Daily Time Axom

কাৰ্যক্ষম হৈ উঠিল চৰাইদেউ জিলাৰ মৰাণ মহাবিদ্যালয়ত থকা চুইমিং পুলটো

0 11

কেইবাবছৰৰ মূৰত পুণৰ কাৰ্যক্ষম হৈ উঠিল চৰাইদেউ জিলাৰ মৰাণ মহাবিদ্যালয়ত থকা চুইমিং পুলটো ৷ ২০০৮ বৰ্ষতে মৰাণ মহাবিদ্যালয়ৰ খেলপথাৰৰ লগত নিৰ্মাণ কৰা মৰাণৰ একমাত্ৰ চুইমিং পুলটো বিভিন্ন কাৰণত কেইবাবছৰ ধৰি বন্ধ হৈ আছিল ৷ হাবি-জংঘলেৰে পৰিত্যক্ত ৰূপ পোৱা চুইমিং পুলটো এইবাৰ মৰাণ মহাবিদ্যালয়ৰ ২০২১-‘২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ তৎপৰতাত পুণৰ কাৰ্যক্ষম হৈ উঠে ৷ ছাত্ৰ একতা সভাৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে মৰাণ মহাবিদ্যালয়ৰ চুইমিং পুলটো ৷ বৃহস্পতিবাৰে বিয়লি চুইমিং পুলটোত পুণৰ সাঁতোৰ প্ৰশিক্ষণ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ড° অসীমাভ দত্তই ৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰাজেন্দ্ৰ প্ৰসাদ বৰঠাকুৰ, প্ৰৱক্তা নবীন গগৈ, স্ৰোতস্বিনী গগৈকে ধৰি ছাত্ৰ একতা সভাৰ বিষয়ববীয়া আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ চুইমিং পুলত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সাঁতোৰ প্ৰশিক্ষণ ল’ব পৰা ব্যৱস্থা কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.