Daily Time Axom

অক্টোবৰত কংগনাৰ অগ্নি পৰীক্ষা

0 11

ধাকড় ফ্লপ, কংগনাকলৈ নিৰ্মাতাসকল চিন্তিত হৈ পৰিছে । নিৰ্মাতাসকলৰ মতে, তেওঁলোকে এতিয়ালৈকে ৫ অক্টোবৰত ‘তেজস’ক ডাঙৰ পৰ্দালৈ অনাৰ সিদ্ধান্ত লৈছে।

প্ৰযোজনা গৃহৰ সূত্ৰ অনুসৰি, ‘তেজছ’ হৈছে এজনী ছোৱালীৰ কাহিনী যি প্ৰতিজনী ছোৱালীক অনুপ্ৰাণিত কৰিব। ছবিখনত কংগনাক যুঁজাৰু পাইলট হিচাপে দেখা যাব। ‘তেজস’ৰ বিষয়ে কথা পাতি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয় যে ‘তেজছ’ এজনী ছোৱালীৰ সফলতাৰ কাহিনী।
‘মই এজন বায়ু সেনাৰ পাইলটৰ ভূমিকা পালন কৰিছো। মই এই চৰিত্ৰৰ বাবে ধন্য অনুভৱ কৰো। মই এই ছবিখনৰ অংশ হ’বলৈ পাই সন্মানিত। মই সদায় সৈনিকৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিলো। সৰুৰে পৰা, মই সেনাৰ প্ৰতি আগ্ৰহী ।” ছবিখন সৰ্বেশ মেৱাৰাই পৰিচালনা কৰিছে।

Leave A Reply

Your email address will not be published.