Daily Time Axom

বাংলাদেশৰ এক ৰাসায়নিক গুদামত বিস্ফোৰণ, ৩২ জন নিহত, ৪৫০ৰো অধিক আহত

0 14

বাংলাদেশৰ চিটাগঙৰ সীতাকুণ্ডাৰ কণ্টেইনাৰ ডিপোত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত কমেও ৩২ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে, মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ৪৫০ ৰো অধিক লোক আহত হৈছিল। ডিপোৰ কৰ্মচাৰীৰ উপৰিও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকল আহতসকলৰ ভিতৰত আছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

জুই নিয়ন্ত্ৰণলৈ আনিবলৈ আৰু উদ্ধাৰ অভিযান চলাবলৈ সেনাক সেৱাতৈয়াৰ কৰা হৈছে। চিটাগং বিভাগীয় আয়ুক্ত আশ্ৰাফ উদ্দিনে দেওবাৰে ৰাতিপুৱা ঘটনাস্থলী পৰিদৰ্শন কৰিছিল। তেওঁ প্ৰথম আলোক কয়, “জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সেনাৰ ১৫০-২০০ জন সদস্যক অনা হৈছে, যাতে জুই আৰু বিয়পি নপৰে আৰু দ্ৰুত উদ্ধাৰ অভিযান চলাব পাৰে।” অৱশ্যে, জুই ক’ৰ পৰা আৰম্ভ হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই, বিভাগীয় আয়ুক্তজনে কয়। তেওঁ কয় যে ঘটনাটোৰ তদন্তৰ বাবে এখন ন জনীয়া সমিতি গঠন কৰা হ’ব।

Leave A Reply

Your email address will not be published.