Daily Time Axom

মাৰ্ঘেৰিটাৰ কৃৰ্তী শিক্ষাৰ্থীলৈ টাই আহোম যুৱ পৰিষদ, অসমৰ অভিনন্দন জ্ঞাপন

0 10

দেওবাৰে বৃহত্তৰ মাৰ্ঘেৰিটা অঞ্চলক সামৰি টাই আহোম যুৱ পৰিষদ, অসমৰ মাৰ্ঘেৰিটা আঞ্চলিক মহিলা সমিতিখন গঠন কৰা হয়। মাৰ্ঘেৰিটা টাই আহোম মহিলা পৰিষদ গঠনৰ নিৰ্মিতে আহ্বান জনোৱা সভাখনতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাৰ্ঘেৰিটা পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীসকলক টাই আহোম যুৱ পৰিষদ, অসমৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰা হয়। ১নং মাকুমপথাৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত বৃহত্তৰ মাকুম পথাৰ অঞ্চলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তী শিক্ষাৰ্থীসকলক টাই আহোম যুৱ পৰিষদ, অসম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা ফুলাম গোমোচা আৰু ফুলাম জাপিৰে অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়।


মাৰ্ঘেৰিটা পৰা প্ৰতিক ছেত্ৰীৰ ৰিৰ্পট

Leave A Reply

Your email address will not be published.