Daily Time Axom

জামুগুৰিহাটৰ হাটিঙাৰ কবি শেৱালী হাজৰিকালৈ অসম গ্ৰাম্য শিৰোৰত্ন বঁটা

0 13


বিশ্বৰ প্ৰয়াত মাতৃ সকলৰ সোঁৱৰণত নগাঁৱৰ কামপুৰ স্বৰাজ ভৱনত অনুষ্ঠিত হৈ যোৱা অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য-সংস্কৃতি বিকাশ মঞ্চৰ বঁটা প্ৰদান অনুষ্ঠানত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ হাটিঙা ৰামপুৰত জন্মগ্ৰহণ কৰা বিশিষ্ট কবি, গল্পকাৰ তথা সমাজসেৱিকা শেৱালী হাজৰিকালৈ গ্ৰাম্য শিৰোৰত্ন বঁটা (২০২১) প্ৰদান কৰে । অনুষ্ঠানটিত শেৱালী হাজৰিকাক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে একোটাকৈ মেডেল, ট্ৰফি, আৰু প্ৰশস্তি পত্ৰৰ লগতে এখন দিহানামৰ কিতাপ প্ৰদান কৰে । পেছাত এগৰাকী নাৰ্চ হিচাবে সেৱা আগঢ়াই অহা শেৱালী হাজৰিকা সমাজিক ক্ষেত্ৰতো আগৰণুৱা ৷ লেখা-মেলাৰ প্ৰতি ধাউতি থকা হাজৰিকাই কলেজীয়া দিনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে। ভাষা সাহিত্যৰ প্ৰতি থকা দুৰ্বলতা আৰু লেখনিৰ বাবেই তেখেতক সাহিত্য সংস্কৃতি বিকাশ মঞ্চই এই বঁটা প্ৰদান কৰে । যোৱা মাৰ্চ মাহত নাৰী দিৱসতো শেৱালী হাজৰিকাই নেৱকাছৰ তৰফৰ পৰা মহীয়সী নাৰীৰ আন্তৰ্জাতিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ বহু গল্প – কবিতা আদি বিভিন্ন আলোচনীত প্ৰকাশ পাই আহিছে । শেৱালী হাজৰিকাৰ সাফল্যত বিভিন্ন দল-সংগঠন, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জামুগুৰিহাটবাসী ৰাইজ তথা শৈক্ষিক মহলে সন্তুষ্টি প্ৰকাশ কৰি অভিনন্দন জ্ঞাপন কৰিছে৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট৷

Leave A Reply

Your email address will not be published.