Daily Time Axom

নলবাৰী জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী

0 14

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা কালিলৈ অৰ্থাৎ ১৬জুন তাৰিখে গুৱাহাটীৰ লগতে নলবাৰী জিলাতো প্ৰৱল বৃষ্টিপাতৰ হোৱাৰ পূৰ্বানুমানৰ প্ৰতি লক্ষ ৰাখি আজি নলবাৰী জিলা উপায়ুক্ত গীতিমনি ফুকনে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰী কৰিছে। এই নিৰ্দেশনা অনুসৰি অহা ১৬ জুন, ২০২২ তাৰিখ, বৃহস্পতিবাৰে অৰ্থাৎ কালিলৈ নলবাৰী জিলাৰ চৰকাৰী-বেচৰকাৰী সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব। অৱশ্যে উক্ত দিনা ইতিমধ্যে কোনো পৰীক্ষা প্ৰক্ৰিয়া চলোৱাৰ বাবে সাজু হৈ উঠা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য ন’হব। জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক এই নিৰ্দেশনা মানি চলি প্ৰতিকূল বতৰৰ মাজত জিলাখনৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাত সহযোগ কৰিবলৈ উপায়ুক্তই আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.