বজ্ৰপাতত কমেও ১০ জনৰ মৃত্যু
শনিবাৰে বিহাৰৰ বিভিন্ন জিলাত বজ্ৰপাতৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হয়।
ৰাজ্যখনৰ দুৰ্যোগ সঁহাৰি বাহিনীয়ে কয় যে চাৰণ জিলাত বজ্ৰপাতত ছয়জন লোকৰ মৃত্যু হৈছিল। চিৱান, হাজিপুৰ, বাংকা আৰু গোপালগঞ্জ জিলাত এজনকৈ লোকৰ মৃত্যু হয় । ২৪ জুনৰ পৰা ১ জুলাইৰ ভিতৰত বিহাৰত বজ্ৰপাতত মুঠ ২৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
বিহাৰৰ উত্তৰ-মধ্য আৰু দক্ষিণ-পশ্চিম অংশৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছিল। বাৰাউনীত বৰষুণৰ পৰিমাণ ৯৩.২ মিমি। বীৰপুৰত ৬৮.৮ মিমি বৰষুণ হৈছিল। বতৰ বিজ্ঞান কাৰ্যালয়ৰ মতে, বৰ্তমানো ৰাজ্যখনত বৰষুণ অব্যাহত আছে ।