মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল ৰাহুল নাৰ্ৱেকাৰ
ডিজিটেল ডেস্ক, ৩ জুলাইঃ বিজেপি প্ৰাৰ্থী ৰাহুল নাৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধান সভাৰ নতুন অধ্যক্ষ ৰূপে নিৰ্বাচিত হয় ।
চৰকাৰ আৰু বিৰোধী উভয়ে অধ্যক্ষৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিছিল। কিন্তু সিন্দে-বিজেপি শিবিৰৰ কোলাবা বিধায়ক ৰাহুল নাৰ্ৱেকাৰ জয়ী হয়। তেঁও লাভ কৰা ভোটৰ সংখ্যা আছিল ১৬৪টা।
ৰাহুল নাৰ্ৱেকাৰপূৰ্বতে শিৱসেনা আৰু এনচিপিৰ সৈতে জড়িত আছিল কিন্তু ২০১৯ চনত তেওঁ দল সলনি কৰে আৰু তেতিয়াই বিজেপিত যোগদান কৰিছিল। তেওঁ নিৰ্বাচনত দক্ষিণ মুম্বাইৰ কোলাবা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দীতা কৰিছিল আৰু গেৰুৱা শিবিৰৰ হৈ জয়ী হৈছিল। একে সময়তে, তেওঁ মহাৰাষ্ট্ৰবিজেপি-এ-ৰ মিডিয়া কোষৰ ভাৰপ্ৰাপ্ত বিষয়াও।
বিধানসভাৰ বিশেষ অধিৱেশনৰ প্ৰথম দিনাই ভোটদানৰ জৰিয়তে অধ্যক্ষৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল। য’ত সিন্দে গোটে এমভিএ মিত্ৰতাক আচ্ছন্ন কৰি ৰাখিছিল। এই বিজয়ৰ পিছত সোমবাৰে একনাথ সিন্দে-গোটে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব।
অধ্যক্ষ নিৰ্বাচনত বিজয়ৰ পিছত বিজেপি বিধায়কসকলে বিধানসভাত জয় শিৱাজী, জয় শ্ৰী ৰাম আৰু জয় ভৱানীৰ শ্ল’গান দিয়াৰ লগতে সকলোৱে ইজনে সিজনক বিজয়ৰ বাবে অভিনন্দন জনায় । বিজেপি দলৰ বিজয়ত দেৱেন্দ্ৰ ফাডনাভিছ আৰু মুখ্যমন্ত্ৰী একনাথ সিন্দেও উপস্থিত থাকে।
Comments are closed, but trackbacks and pingbacks are open.