Daily Time Axom

কাৰ্বি আংলঙত ৭০ লাখ টকা মূল্যৰ নিষিদ্ধ জব্দ বাইকত অহা যুৱতীসহ দুজনক গ্ৰেপ্তাৰ

0 11

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষীৰ জালত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুজন | ডিমাপুৰৰ পৰা নগাঁও অভিমুখে সন্মুখত ARMY লিখি কলা ৰঙৰ SUZUKI SX 250 মডেলৰ নম্বৰ প্লেট বিহীন এখন বাইকেৰে 10 টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ১৩৫ গ্ৰাম ড্ৰাগছ | আজি পুৱা প্ৰায় দহ বজাত ডকমকা আৰক্ষী থানাৰ সন্মুখৰ ৩৬ নং ৰাষ্ট্ৰীয় পথত জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় ৭০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে | আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষী থানাৰ সন্মুখতে তালাচী চলোৱাৰ সময়ত এই ড্ৰাগছৰ কথা ওলাই পৰে | লগে লগে বাইকত অহা দুইজনক আটক কৰি অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰখা হৈছে | আটকাধীন জমিলা খাটুনৰ ঘৰ লাহৰিঘাটত আৰু মুকেশ কুমাৰৰ ঘৰ মেঘালয়ত বুলি উল্লেখ আছে জব্দকৃত নথি পত্ৰত | ইতিমধ্যে ডি এছ পি নাহিদ কৰিশ্মা ডকমকা আৰক্ষী থানাত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে | ইপিনে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীদ্বয়ে বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰিছে | জব্দকৃত ড্ৰাগছখিনি নগালেণ্ডৰ ডিমাপুৰৰ পৰা অনা বুলি জনায় আৰক্ষীয়ে | এইবাৰ নতুন কৌশল অৱলম্বন কৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে | নম্বৰ প্লেট বিহীন বাইকৰ সন্মুখত আৰ্মী লিখি আৰক্ষীৰ চকুত ধূলি দি অনায়াসে পাৰ হৈ আহে আৰক্ষীৰ থানাৰ সন্মুখেদি | অৱশ্যে ডি এছ পি নাহিদ কৰিশ্মা, হাওৰাঘাট চক্ৰ আৰক্ষী বিষয়া মঞ্জিত তেৰাং আৰু ডকমকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলমণি মালাকাৰৰ ততপৰতাত ধৰা পৰে নিষিদ্ধ ড্ৰাগছখিনি | অন্যহাতে, ডকমকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীক বকলীয়াঘাট পাৰ হৈ গৈ থকাৰ সময়ৰ পৰাই তীব্ৰ বেগী বাইকখনৰ প্ৰতি আৰক্ষীৰ সন্দহ আছিল | ইয়াৰে এজনক বিহাৰৰ বৈশালী জিলাৰ হৰিকিশোৰ ৰয়ৰ পুত্ৰ মুকেশ কুমাৰ আৰু আন গৰাকী মৰিগাঁও জিলাৰ ভোৰাগাঁৱৰ বাছেট আলীৰ কণ্যা সন্তান জমিলা খাটুন বুলি আৰক্ষী সূত্ৰত প্ৰকাশ | অৱশ্যে, জব্দকৃত অসম, নগালেণ্ড আৰু মেঘালয়ৰ নথি পত্ৰসমূহ আচল নে নকল তাৰো তদন্ত অব্যাহত ৰাখিছে কাৰ্বি আংলং আৰক্ষীয়ে |

Leave A Reply

Your email address will not be published.