পুনৰ সাংবাদিকক আক্ৰমণ
উত্তৰ প্ৰদেশৰ সোণভদ্ৰ অঞ্চলৰ ভিৰ বজাৰত দুজন সাংবাদিকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছে। গুলীয়াই আহত কৰা দুজন সাংবাদিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুষ্কৃতিকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি কলিয়াৰী বজাৰ এলেকাত বাইকেৰে অহা একাংশ দুষ্কৃতিকাৰীয়ে সাংবাদিক দুজনক গুলীয়াই পলায়ন কৰে। স্থানীয় এখন বাতৰি কাকতত কাম কৰি আছিল দুই সাংবাদিক।
এই ঘটনা সন্দৰ্ভত ষ্টেচন হাউছ বিষয়া (SHO) প্ৰণৱ শ্ৰীবাস্তৱে কয় যে, “দুজন সাংবাদিক শ্যামসুন্দৰ পাণ্ডে আৰু লাড়ু পাণ্ডে এখন হোটেলত বহি আছিল।” সেই সময়ত বাইকত উঠি অহা দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰে।” ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে।
আহত দুজন সাংবাদিকক বাৰাণসীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।